আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি…

ডিজিটেল ডেস্কঃ আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰত জন্ম হোৱা মহাপুৰুষজনাই অসমৰ সাহিত্য, সংস্কৃতিলৈ মেটমৰা অৱদান আগবঢ়াই ১৫৯৬ চনত ইহলীলা সম্বৰণ কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য তথা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভ নামঘোষা। ১৫৭ টা বৰগীত ৰচনা কৰাৰ লগতে তেওঁ একাধিক ভটিমা, নাট, ঝুমুৰা আদি ৰচনা কৰিছিল। অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।
গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে শুক্ৰবাৰে পুৱাৰ পৰাই সমগ্ৰ অসমৰ সত্ৰ, নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zmXsS6
via IFTTT
Comments
Post a Comment