পুৱাৰ খবৰ…

১. বঙাইগাঁও সদৰ চহৰৰ আসাম অইলৰ তেল ডিপোত পেট্ৰলৰ সলনি পানী ।পানী মিহলি পেট্ৰল সোমাই বিকল হ’ল বহু গাড়ী । ৰাস্তাই ঘাটে বিকল হ’ল গাড়ী । হাহাকাৰ যাত্ৰীৰ ।পানী মিহলি হোৱাৰ কথা স্বীকাৰ ডিপো কৰ্তৃপক্ষৰ ।প্ৰবল বৰষুণৰ বাবে তেলৰ টেংকীত পানী সোমোৱাৰ কথা স্বীকাৰ ডিপো কৰ্তৃপক্ষৰ ।পেট্ৰল সোমাৱাৰ পিছত বেয়া হোৱা গাড়ীবোৰৰ ভাল কৰাৰ বাবে খৰছ বহন কৰিব ডিপো কৰ্তৃপক্ষই ।

২. ডিমা হাছাওৰ ডিয়ুংমুখত দুৰ্বৃত্তৰ গুলীচালনা।চিমেণ্ট ভৰ্তি ট্রাকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা।দুৰ্বৃত্তই গুলীচালনা কৰি জ্বলাই দিয়ে ৫খনকৈ ট্রাক।এজন ট্রাক চালক গুলীবিদ্ধ।ৰেঞ্জাৰ বিলত সংঘটিত এই ঘটনা। ঘটনাস্থলীলৈ ৰাওনা আৰক্ষীৰ দল।

৩. জলপথৰে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰিত প্ৰকল্পৰ বাবে উচ্চ প্ৰযুক্তিৰ যান্ত্ৰিক সঁজুলি আনিবৰ বাবে বৃহস্পতিবাৰে নুমলীগড় শোধানাগাৰ কৰ্তৃপক্ষ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷নুমলীগড় শোধানাগাৰৰ নগৰাঞ্চলৰ কুঞ্জকানন প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷ অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহন কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

৪. ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হৈছে কমা নাই ড্ৰাগছ সৰবৰাহৰ ঘটনা।এইবাৰ আৰক্ষীয়ে আটক কৰিলে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহী।বৃহত পৰিমাণৰ YABA টেবলেটৰ সৈতে আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক।এছ.বি.ৰ এক চোৰাংচোৱা তথ্যৰ আধাৰত পূৱ গুৱাহাটী জিলা আৰক্ষীৰ এটা দলে আটক কৰিছে মহিলাগৰাকীক।আটকাধীন মহিলাগৰাকী খুমি খাৱলং(৪৫) বুলি জানিব পৰা গৈছে।

৫. কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত একোটা এনড্ৰয়ড মোবাইল ফোন ছাত্ৰ -ছাত্ৰীৰ হাতত তুলি দি শিক্ষাৰ দিশত এহাতেদি ভাল ফল পোৱা গৈছে যদিও আনহাতেদি এই এনড্ৰয়ড ফোনেই কোনো ছাত্ৰ-ছাত্ৰীৰ বাবে হৈ পৰিছে প্ৰাণঘাতি।এনে কথাকেই প্ৰমান কৰি ম’বাইলত খেলা ফ্ৰী ফাইয়াৰ নামৰ খেলে ২৫ আগষ্টত বোকাখাত মহকুমাৰ বাদুলিপাৰৰ ৰঙামাটি চেউনী গাঁৱৰ ত্ৰিদিপ ৰঞ্জন বৰবৰা নামৰ এজন ষোল্ল বছৰীয়া কিশোৰৰ প্ৰাণ কাঢ়ি নিয়াৰ ঘটনাই চিন্তিত কৰি তুলিছে অঞ্চলবাসীক।

৬. কামৰূপ জিলাৰ বকোত মেঘালয়ে পুনৰ পথ নিৰ্মাণ কৰি থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত হুৱাপাৰাত যোৱা ২৪ আগষ্টৰ পৰা মেঘালয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ জৰিয়তে পৰ্যটনস্হলী হো হোৱালৈ যোৱা পথটো পকীকৰণ কৰি আছে।

৭. কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ অহা সৰ্বানন্দ সোণোৱালে তেওঁৰ বিভাগৰ অন্তৰ্গত এক প্ৰকল্পৰ আধাৰশিলা বৃহস্পতিবাৰে উদ্বোধন কৰিছে। জাহাজ আৰু জলপথৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰা সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁৰ বিভাগৰ অধীনৰ জাহাজা মেৰামতি কাৰখানা পাণ্ডুত স্থাপন কৰাৰ বাবে আধাৰশিলা উদ্বোধন কৰে। এই আধাৰশিলা উদ্বোধন অনুষ্ঠানত ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আদি উপস্থিত থাকে। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ পৰা জলপথ সংযোগৰ জৰিয়তে সুষম আৰু কম খৰচত জাহাজ চলাচলত গুৰুত্ব আৰোপ কৰি সামগ্ৰীকভাৱে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে।

৮. কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে ৰাতিপুৱা ৯ঃ৩০ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

৯. কোভিড-১৯ৰ টীকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি আন্তৰিক সঁহাৰি জনাই গহপুৰ বিজেপিৰ তৰফৰ পৰা সৰ্বমুঠ ১৬,৩৫,৭৪৭ টকাৰ বৰঙণিৰ চেক বৃহস্পতি বাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰদান কৰা হয়।গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত হেলেম, কলংপুৰ, গহপুৰ নগৰ, ডুবিয়া আৰু কলাবাৰী মণ্ডল বিজেপি সমিতিৰ নেতৃত্বত যোৱা প্ৰায় ডেৰ-দুমাহ ধৰি চলোৱা বৰঙণি সংগ্ৰহৰ অভিযানৰ সময়ত বিভিন্ন জন দলীয় কৰ্মী আৰু বিষয়ববীয়া,জিলা পৰিষদৰ সদস্য,পঞ্চায়ত প্ৰতিনিধি,ৱাৰ্ড সদস্য, বুথ সদস্য, একাংশ দল-সংগঠনৰ সদস্য,ব্যৱসায়ী,সমাজকৰ্মী আদিয়ে স্ব-ইচ্ছাই নিজৰ নিজৰ সামৰ্থ্য অনুসৰি বৰঙণি আগবঢ়াইছিল।

১০. বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত হোজাই জিলাৰ নীলবাগানত ধনৰ লেনদেনক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে মোৰাঝাৰৰ সুতাৰপুৰ গাঁৱৰ বাসিন্দা মাৰুফ আহমেদৰ ডবকাৰ মইদুল ইছলাম নামৰ এজন যুৱকৰ লগত ব্যৱসায় সূত্ৰে ধনৰ লেনদেন আছিল।বৃহস্পতিবাৰে মইদুলে মাৰুফ আহমেদক টকা দিম বুলি কৈ নীলবাগানৰ মাচুমা হোটেললৈ মাতি আনে আৰু পূৰ্বে পৰিপল্পিত ভাবে ৬/৭ জনীয়া এটা দলে হোটেলৰ চকীৰে মাৰুফ আহমেদক মাৰ-পিট কৰে। উক্ত মাৰপিটত মাৰুফ আহমেদ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে ঘটনাস্থলিত নীলবাগান আৰক্ষীৰ এটা দল উপস্থিত হৈ আহত মাৰুফ আহমেদক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Wnj1TY
via IFTTT

Comments