পঞ্চভূতত বিলীন নন্দিতা…

ডিজিটেল সংবাদ, ঢকুৱাখনা: শিক্ষা , সংস্কৃতি , সাহিত্য , সংগীত , পৰিৱেশ্য কলা সকলোতে অগাধ ব্যুৎপতি আছিল তাইৰ । জন্মভূমি গাঁৱৰ ভাওনা, বৰসবাহৰ পৰা বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱলৈকে সকলোতে নিজৰ সঞ্চিত প্ৰতিভা প্রদর্শন কৰিবলৈ সক্ষম হোৱা নিৰহংকাৰী যুৱতী গৰাকী ঘৰুৱা কাম কাজ আনকি বোৱা কটা , চিলাই কৰাটো আছিল আগৰণুৱা। সুললিত কণ্ঠেৰে নিগৰিত গীতৰ কলি অথবা কবিতাৰ পংক্তিয়ে ঘৰৰ সন্মুখেৰে পাৰ হৈ যোৱা প্ৰতি গৰাকী পথচাৰীক সম্মুহিত কৰি এপলকৰ বাবেও আহ্লাদিত কৰি অফুৰন্ত মৰম চেনেহ আজুৰিবলৈ সক্ষম হৈছিল যুৱতী গৰাকী । এনে এটা শৈল্পিক সত্তা আৰু প্ৰচণ্ড সম্ভাৱনাই অৱশেষত জিৰণি ললে নিয়তিৰ নিষ্ঠুৰ কোলাত।
ঢকুৱাখনা কলেজিয়েট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হাৰ্হি মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰ যাত্ৰা আৰম্ভ কৰিছিল ঢকুৱাখনা নগৰৰ কাঠৰবাৰী গাঁওৰ নবীন শইকীয়াৰ দুহিতা নন্দিতা শইকীয়াই । উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মেধাত্ব প্ৰদৰ্শনেৰে উত্তীৰ্ণ হোৱাৰ পাছত হিন্দীক সন্মান বিষয় হিচাবে পঢ়াৰ মানসেৰে ঢাপলি মেলিছিল ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়লৈ । সমীপৱৰ্তী কোনো মহাবিদ্যালয়ত এই বিষয়ত অধ্যয়নৰ সুবিধা নথকাৰ বাবে দূৰণিবতীয়া মহাবিদ্যালয়খনলৈ যোৱাটোৱেই যেন কাল হ’ল প্ৰতিভাধৰ ছাত্ৰী গৰাকীৰ বাবে। সহজ সৰল , ৰঙীন মনৰ নিৰ্বোধ ছাত্ৰী গৰাকী অধ্যয়ন পিপাসু মনটোৰ বাবেই যেন শুভ্ৰ সাজে প্ৰাণহীন শৰীৰ হৈ ঘৰলৈ উভটিল।
সুদীর্ঘ ৫ টা দিন জীৱন মৃত্যুৰে অনৰ্গল যুঁজি পৰিশেষত নিয়তিৰ কোলাত আশ্ৰয় লোৱা নন্দিতা শইকীয়াৰ নশ্বৰ দেহ বুধবাৰে মাজ নিশা প্ৰায় ১২.২৫ বজাত অগণন গুণগ্ৰাহীৰ উপস্থিতিত সমাধিষ্ঠ কৰা হয়। বুধবাৰে নিশা প্ৰায় ১০.৪৫ বজাত নন্দিতাৰ পাৰ্থ শৰীৰ স্বগৃহত উপস্থিত হোৱাৰ পাছতেই কান্দুনৰ ৰোল উঠে কাঠৰবাৰী গাঁওৰ বাস গৃহত । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় , জিলা আৰু আঞ্চলিক নেতৃত্ব , মৰিধল মহাবিদ্যালয়ৰ উপাধ্যক্ষ উমেশ দত্ত , গ্ৰন্থাগাৰিক নৱ কুমাৰ দত্ত , শিক্ষক ক্ৰমে দীপেন শইকীয়া, ভূপেন গগৈ, প্ৰদীপ বৰা ,জয়ন্ত দত্ত, প্ৰণৱ কটকী , নন্দেশ্বৰ গোহাঁই , হেমন্ত শইকীয়া , মহানন্দ চমুৱা , গুণাভিৰাম গগৈ আৰু গৰিষ্ঠ সংখ্যক কৰ্মচাৰী , ছাত্ৰ একতা সভাৰ নেতৃবৰ্গ , যুৱ ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা,চুতীয়া ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন আৰু গুণগ্ৰাহী আৰু আত্মীয় স্বজনে সংগ দিয়া প্ৰতিভাময়ী নন্দিতাৰ শেষ যাত্ৰাৰ পূৰ্বে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ ব্যক্তি সংগঠণে পুষ্প মাল্যৰে শেষ শ্রদ্ধাঞ্জলি জনায়।
ইয়াৰ পাছতে মাজ নিশা ১২.১০ বজাত নিজান নিতাল চাৰিকঢ়িয়া নদীৰ নিৰ্মল জলধাৰাৰ পাৰৰ ৰাজহুৱা শ্মশানলৈ শুভ্ৰ সাজেৰে নন্দিতাৰ প্ৰাণহীন শৰীৰ নিয়া হয় আৰু ভাতৃ দীপাংকৰ শইকীয়াৰ মুখাগ্নিৰ পাছতেই অনন্ত ধামলৈ গতি কৰি পঞ্চভুটত বিলীন হয় ঢকুৱাখনাৰ এক সম্পদ আৰু সম্ভাৱনাৰ। দাৰিদ্ৰতাই কোঙা কৰা নবীন শইকীয়াৰ এখন সৰু ঘুমটি দোকানত দোলা দি শৈশৱৰ পৰাই স্বাৱলম্বিতাৰ আদি পাঠ লৈ শৈক্ষিক জীৱন আৰম্ভ কৰোতেই নিজৰে শিক্ষানুষ্ঠান মৰিধল মহাবিদ্যালয়ৰ লাইব্ৰেৰী বিয়েৰাৰ পাষণ্ড , নৰ পিশাস , ৰিন্তু শৰ্মাৰ উপৰ্যুপৰি দাৰ আঘাতত গুৰুতৰ ভাবে আহত হৈছিল নন্দিতা শইকীয়া আৰু ঢকুৱাখনা ভগামুখ গাঁওৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্ত । যোৱা ৫ টা দিনে জীৱন মৃত্যুৰে অনিৰ্বাণ যুঁজ দি অৱশেষত মৃত্যুৰে হাৰ মানিলে নন্দিতাই আৰু অন্য দুগৰাকী আহত বৰ্তমানেও চিকিৎসাধীন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Bfe5zK
via IFTTT
Comments
Post a Comment