APSC পৰীক্ষাত ‌ওদালগুৰিলৈ গৌৰৱ কঢ়িয়ালে কেবাজনো মেধাৱীয়ে…

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত ২০১৮ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলত উজ্বলিল ওদালগুৰিৰ কেইৱাগৰাকীও মেধাৱী ছাত্ৰ-ছাত্ৰী। ওদালগুৰি জিলাৰ নলখামৰা গাওঁৰ বাসিন্দা অৱসৰপ্ৰাপ্ত শিক্ষক দণ্ডীৰাম ডেকা আৰু অনিমা ডেকাৰ সন্তান হিৰেণ কুমাৰ ডেকাই কালি ঘোষিত ফলাফলত অসম আৰক্ষী সেৱাত চতুৰ্থ স্থান দখল কৰে।

ওদালগুৰি চহৰত প্ৰাথমিক শিক্ষাৰ সামৰণী কৰি দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীৰ বি.বৰুৱা মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগক মূল বিষয় হিচাপে লৈ ৭৭ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একেটা বিষয়তে ৬১ শতাংশ নম্বৰেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

আৰক্ষী বিভাগত যোগদানৰ মূল লক্ষ লৈ অসম লোকসেৱা আয়োগৰ অধীনত পৰিচালিত অসম আৰক্ষী সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ কালি ঘোষিত ফলাফলত চতুৰ্থ স্থান দখৰ কৰিবলৈ সক্ষম হয়। পুত্ৰৰ এনে সাফল্যত গৌৰৱান্বিত হয় পিতৃ-মাতৃৰ লগতে নলখামৰাৱাসী ৰাইজ। আগন্তুক দিনত নিষ্ঠাসহকাৰে নিজৰ কৰ্তব্য তথা দেশৱাসীৰ হৈ কাম কৰি যাব বুলি ডেকা‌ই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

ইপিনে ওদালগুৰি চহৰৰ পিতৃ তৰণী দাস আৰু মাতৃ মিনতি দাসৰ কন্যা অলিয়ম দাসেও সদ্য ঘোষিত পৰীক্ষাত কৰ পৰিদৰ্শক পদৰ সপ্তম স্থান লাভ কৰে। ওদালগুৰি ছিক্ৰেট হাৰ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। একেখন মহাবিদ্যালয়ৰ পৰা দৰ্শন বিষয়ক মূল বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰে।

পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একেটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰাৰ অন্তত কৰ পৰিদৰ্শকৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ কালি ঘোষণা কৰা ফলাফলত সপ্তম স্থান দখল কৰে। জিলাখনৰ ৰৌতাৰ নিজৰা বড়োৱে অসম অসামৰিক সেৱাৰ পৰীক্ষাত ৭৬ তম স্থান দাল কৰে। মেধাৱী শিক্ষাৰ্থী কেইগৰাকীৰ এনে সাফল্যত সমগ্ৰ ওদালগুৰিৱাসী ৰাইজ উৎফুল্লিত হৈ পৰে।

The post APSC পৰীক্ষাত ‌ওদালগুৰিলৈ গৌৰৱ কঢ়িয়ালে কেবাজনো মেধাৱীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mRM1L8
via IFTTT

Comments