নিউজ লাইভৰ ‘আশা’ অনুষ্ঠানঃ জটিল ৰোগাক্রান্ত ২০টি শিশুৰ চিকিৎসাৰ ব্যৱস্থা স্বাস্থ্যমন্ত্রীৰ
গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্রান্তত জটিল ৰোগত আক্রান্ত শিশুক নৱজীৱন দিয়াৰ প্রয়াসেৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক বিশেষ পদক্ষেপ গ্রহণ কৰিলে৷ ৰোগাক্রান্ত ২০টি কণমানি শিশুৰ চিকিৎসাৰ দায়িত্ব গ্রহণ কৰি শিশুকেইটিৰ পৰিয়ালক সকাহ দিলে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ ‘নিউজ লাইভ’ৰ ‘আশা’ শীর্ষক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ লগতে স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হা, ৰাষ্ট্রীয় স্বাস্থ্য মিছন (এন এইচ এম)ৰ সঞ্চালক ডাঃ লক্ষ্মণ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ অধীক্ষক ডাঃ অভিজিৎ শর্মা উপস্থিত থকা অনুষ্ঠানটোত স্বাস্থ্যমন্ত্রীগৰাকীয়ে জটিল ৰোগত আক্রান্ত শিশুসকলৰ চিকিৎসাৰ ক্ষেত্রত স্বাস্থ্য বিভাগে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও জানিবলৈ দিয়ে৷
সেই অনুসৰি প্রতিমাহৰ দ্বিতীয় সপ্তাহত জি এম চি এইচত বিভিন্ন জটিল ৰোগত আক্রান্ত ১৪ বছৰ অথবা তলৰ বয়সৰ শিশুৰ স্ক্রীনিং টেষ্টৰ জৰিয়তে ৰোগ নির্ণয় কৰি তেওঁলোকৰ চিকিৎসা ব্যৱস্থা কৰা হ’ব৷ ইতিমধ্যে চলি থকা এই ব্যৱস্থাৰ জৰিয়তে ৫৩৯টি শিশুক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে ৬ হাজাৰৰো অধিক শিশুৰ হৃদযন্ত্রৰ অস্ত্রোপচাৰ সম্পন্ন কৰা হৈছে এই ব্যৱস্থাৰ জৰিয়তে৷
উল্লেখ্য যে ‘নিউজ লাইভ’ৰ ‘আশা’ অনুষ্ঠানৰ জৰিয়তে ইতিপূর্বে জটিল ৰোগত আক্রান্ত ১০টি শিশুৰ পৰিয়ালৰ সৈতে মুখামুখিকৈ কথা পাতি স্বাস্থ্যমন্ত্রী ড০ শর্মাই তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে৷ আনকি এইকেইটি শিশুৰ কেইবাজনকো ৰাজ্যৰ বাহিৰলৈ নি চিকিৎসা প্রদানৰ ব্যৱস্থা কৰিছে৷
আজিৰ অনুষ্ঠানত যোৰহাট, গোলাঘাট, কাজিৰঙা, নলবাৰী, গুৱাহাটী, লখিমপুৰ, ওদালগুৰি, কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ ২০টি শিশুৰ জটিল ৰোগৰ বিভিন্ন দিশ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ‘নিউজ লাইভ’ৰ মঞ্চত আলোচনা কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷ চেনেলটোৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে সঞ্চালনা কৰা এই অনুষ্ঠানতে ৰোগাক্রান্ত একাংশ শিশুৰ পৰিয়ালক মাহে দুই হাজাৰ টকাকৈ তিনি বছৰৰ বাবে আর্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰে৷
এন এইচ এমৰ জৰিয়তে এই পৰিয়ালসমূহে শিশুৰ চিকিৎসা বিনামূলীয়াকৈ কৰাৰ লগতে চৰকাৰৰ পৰা মাহে আর্থিক সাহায্য লাভ কৰিব৷ মন কৰিবলগীয়া যে যোৰহাটৰ ২নং চৰাইবাহী গাঁৱৰ দীপাংক বৰা (১২) আৰু চিনামৰাৰ আয়ুস দর্জী (৫) কিডনীৰ জটিল ৰোগত আক্রান্ত হৈ আছে৷ তেনেদৰে গোলাঘাটৰ ৰিম্পী বৰা (৪), শিল্পী বৰা (৯) দুয়োগৰাকী ভগ্নী আক্রান্ত হৈ আছে বিভিন্ন জটিল ৰোগত৷
ইফালে, কাজিৰঙাৰ ডিমলুপথাৰ ৰাজা গাঁৱৰ দেৱজিৎ বৰা নামৰ এটি শিশু ব্রেইন টিউমাৰত আক্রান্ত, গুৱাহাটীৰ অর্জুন দাস নামৰ ৫ বছৰীয়া শিশু এটিও জন্মৰে পৰা বিভিন্ন জটিল ৰোগত আক্রান্ত৷ লখিমপুৰ জিলাৰ জাহ্ণৱী বৰুৱা আৰু জয়দীপ নাথ নামৰ শিশু দুটি শাৰীৰিক অক্ষমতা ৰোগত ভুগি আছে৷
তেনেদৰে নলবাৰীৰ ভিঠামহলৰ দেৱৰাজ কলিতা (৮) আৰু পাইকাৰকুছিৰ ক্ষুদ্র চেনিকুছিৰ মৃণ্ময় দাস (৭) শিশু দুটিও মগজুৰ জটিল ৰোগত আক্রান্ত৷ এই শিশুকেইটিৰ সকলো ধৰণৰ চিকিৎসা প্রথম অৱস্থাত জি এম চি এইচত আৰু পৰৱর্তী পর্যায়ত আৱশ্যক অনুযায়ী ৰাজ্যৰ বাহিৰত চিকিৎসা প্রদানৰ আশ্বাস দিলে স্বাস্থ্যমন্ত্রীগৰাকীয়ে৷
ইফালে, নলবাৰীৰ দেৱৰাজ কলিতা নামৰ শিশুটিৰ আৱশ্যক হোৱা তেজ যাতে সকলো সময়তে জি এম চি এইচে সকলো সময়তে উপলব্ধ কৰিব পাৰে, তাৰ বাবে মন্ত্রীগৰাকীয়ে আজি নির্দেশ দিয়ে৷ গোলাঘাট জিলাৰ দুই ভগ্নীৰ বাবে আৱশ্যক হোৱা তেজ মাতৃয়ে ক্রয় কৰা বুলি জানিব পাৰি স্বাস্থ্যমন্ত্রীগৰাকীয়ে আশ্চর্য প্রকাশ কৰে৷
অসাধু চক্রই তেজ বিক্রী কৰি থকা বুলি সন্দেহ কৰি আজি মন্ত্রীগৰাকীয়ে প্রধান সচিবক বিষয়টোৰ তদন্তৰ বাবেও নির্দেশ দিয়ে৷ ইফালে, গুৱাহাটীৰ অর্জুন দাস নামৰ শিশুটিক বাংগালুৰুলৈ চিকিৎসাৰ বাবে পিতৃ–মাতৃৰ সৈতে চৰকাৰে প্রেৰণ কৰিব বুলিও আজি ষ্টুডিঅ’ৰ মজিয়াতে ঘোষণা কৰে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ উল্লেখ্য যে ‘নিউজ লাইভ’ৰ মঞ্চত মানৱতাৰ পক্ষত থিয় হৈ আয়োজন কৰা এই অনুষ্ঠানে সমগ্র ৰাজ্যতে ব্যাপক সমাদৰ লাভ কৰিছে৷ ৰোগাক্রান্তক নৱজীৱন দিয়াৰ প্রচেষ্টাৰে আৰম্ভ কৰা ‘আশা’ অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ শর্মাই পৰিয়ালৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ বাবে অসহায় পৰিয়ালসমূহো উপকৃত হৈছে৷
The post নিউজ লাইভৰ ‘আশা’ অনুষ্ঠানঃ জটিল ৰোগাক্রান্ত ২০টি শিশুৰ চিকিৎসাৰ ব্যৱস্থা স্বাস্থ্যমন্ত্রীৰ appeared first on News Live TV.
from News Live TV https://ift.tt/34WAaVV
via IFTTT
Comments
Post a Comment