স্বগৃহত বীৰ জোৱান মৃত্যুঞ্জয় চুতীয়াৰ মৃতদেহ

গুৱাহাটীঃ স্বগৃহলৈ অনা হ’ল জম্মু আৰু কাশ্মীৰত শ্বহীদ হোৱা অসমৰ বীৰ সন্তান মৃত্যুঞ্জয় চুতীয়াৰ নশ্বৰ দেহ।

পুৱা ন বজাত ইণ্ডিগো বিমানৰ জৰিয়তে ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চিআৰপিএফ) শ্বহীদগৰাকীৰ মৃতদেহ। বিমান বন্দৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত মৃত্যুঞ্জয়ৰ নশ্বৰ দেহ লৈ যোৱা হয় ধেমাজিৰ চিচিবৰগাঁৱলৈ।

চিআৰপিএফ জোৱান মৃত্যুঞ্জয় চুতীয়াই বুধবাৰে সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত আহত হোৱাৰ পাছত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল।

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত লেটাৰসহ প্রথম বিভাগত উত্তীর্ণ হোৱাৰ পাছত পদার্থ বিজ্ঞানত মেজৰ লৈ বি এছ চি পঢ়িছিল অমায়িক স্বভাৱৰ যুৱকগৰাকীয়ে৷ তাতো প্রথম শ্রেণীত উত্তীর্ণ হৈছিল মেধাৱী ছাত্রজন৷ স্নাতকোত্তৰ শ্রেণীত নামভর্তি কৰা সপোন আছিল যদিও মন নকৰিলে৷

এফালে ঘৰৰ ওপৰত বোজা হৈ নাথাকি নিজৰ ভৰিত থিয় দিয়াৰ মন, আনফালে দেশৰ বাবে কিবা এটা কৰাৰো দুর্বাৰ হেঁপাহ৷ সেয়ে যোগ দিলে কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীত৷

চাকৰিত যোগ দিয়াৰ আগে আগে তেওঁ পঢ়া মৰিধল মহাবিদ্যালয়ত দান দি গ’ল কিতাপ–পত্রবোৰ৷ যাতে তেওঁৰ দৰে দুখীয়া পৰিয়ালৰ ছাত্র–ছাত্রীৰ সহায় হয়৷ ঘৰ আৰু সপোন এৰি দেশৰ বাবে ওলাই যোৱা মৃত্যুঞ্জয় আজি শ্বহীদ হ’ল৷

যোৱা বুধবাৰে কর্তব্যৰত অৱস্থাত জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ গ্রেনেড আক্রমণত আহত হোৱাৰ পাছত বৃহস্পতিবাৰে মৃত্যু হয় চি আৰ পি এফৰ ১১৫ বেটেলিয়নত কর্মৰত ধেমাজিৰ চিচিবৰগাঁওস্থিত গেলুৱা গাঁৱৰ মৃত্যুঞ্জয় চুতীয়াৰ৷ অতি অমায়িক মৃত্যুঞ্জয়ৰ মৃত্যুৰ শোকত ম্রিয়মান হৈ পৰিছে সকলো৷

মাত্র ২৪ বছৰীয়া জোৱানজনে ২০১৭ চনৰ মার্চ মাহত চি আৰ পি এফত যোগদান কৰিছিল৷ চিচিবৰগাঁৱৰ ছবিলাল চুতীয়া আৰু চন্দিকা চুতীয়াৰ কনিষ্ঠ পুত্র শ্বহীদ জোৱানজনৰ মৃত্যুত ঘৰখন এতিয়া বাকৰুদ্ধ হৈ পৰিছে৷

The post স্বগৃহত বীৰ জোৱান মৃত্যুঞ্জয় চুতীয়াৰ মৃতদেহ appeared first on News Live TV.



from News Live TV https://ift.tt/3mSV3Ya
via IFTTT

Comments