কৰ্ণাটকৰ বিধান পৰিষদৰ উপাধ্যক্ষৰ আত্মহত্যা!: চুইচাইড নোটসহ ৰে’ল লাইনত উদ্ধাৰ মৃতদেহ

আত্মহত্যা কৰিছে কৰ্ণাটকৰ বিধান পৰিষদৰ উপাধ্যক্ষ এছ এল ধৰ্মেগৌড়াই!

চিকমাঙ্গালুৰুৰ কাদুৰ অঞ্চলৰ এক ৰে’ল লাইনত উদ্ধাৰ কৰা হৈছে উপাধ্যক্ষগৰাকীৰ নিথৰ দেহ।

এনআইএ-এ আৰক্ষীৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে মৃতদেহৰ ওচৰতে এটা চুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে জনতা দল(ইউ)ৰ নেতা তথা কৰ্ণাটক বিধান পৰিষদৰ উপাধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ধৰ্মেগৌড়াই সোমবাৰে নিশা ঘৰৰ পৰা উলাই গৈছিল।

বহু সময়লৈকে তেওঁ ওভতি নহাৰ বাবে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে সন্ধান কৰি মংগলবাৰে পুৱা ধৰ্মেগৌড়াৰ নিথৰ দেহটো ৰে’ল লাইনত উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত এয়া আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ সকলোবোৰ দিশ অনুসন্ধান কৰাৰ পোষকা কৰি তদন্ত আৰম্ভ কৰিছে।

আত্মহত্যা বুলি সন্দেহ কৰিলেও তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘটনাটোক আত্মহত্যা বুলি ঘোষণা কৰিব নোৱাৰি বুলি প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়াই।

ধৰ্মেগৌড়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দল(ইউ)ৰ প্ৰধান এইচ ডি দেৱেগৌড়াই।

“এই খবৰে আমাক অতি আঘাত দিছে। তেওঁ অত্যন্ত সৎ আছিল। তেওঁৰ মৃত্যুৱে ৰাজ্যৰ লগতে দলৰ বিস্তৰ ক্ষতি কৰিব। ভগৱানে তেওঁৰ পৰিয়ালক কুশলে ৰাখক।” প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়াই কয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে কৰ্ণাটক বিধান পৰিষদৰ অধিৱেশনত সদন পৰিচালনা কৰি থকা অৱস্থাত বিৰোধী কংগ্ৰেছৰ সদস্যলকলে ধৰ্মেগৌড়াক আগুৰি ধৰি শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল।

উক্ত ঘটনাটোৱে ধৰ্মেগৌড়াৰ আত্মসন্মানত আঘাত কৰাৰ ফলতে এনে চৰম সিদ্ধান্ত লোৱাৰ সম্ভাৱনাকো নস্যাৎ কৰিব নোৱাৰি বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক মহলে।

The post কৰ্ণাটকৰ বিধান পৰিষদৰ উপাধ্যক্ষৰ আত্মহত্যা!: চুইচাইড নোটসহ ৰে’ল লাইনত উদ্ধাৰ মৃতদেহ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3poaIAy
via IFTTT

Comments