বিডেনৰ পাছত কমলা হেৰিছেও লাইভ টিভিত গ্ৰহণ কৰিলে ক’ৰ’না ভাইৰাছৰ ভেকচিন
সদ্য সমাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ভাৰতীয় মূলক কমলা হেৰিছে মঙলবাৰে ক’ৰ’না ভাইৰাছৰ ভেকচিন গ্ৰহণ কৰে।
মঙলবাৰে কমলা হেৰিছে টেলিভিশ্যনৰ সন্মুখত ম’ডেৰানা ক’ৰ’না ভাইৰাছৰ ভেকচিন গ্ৰহণ কৰি দেশৰ জনসাধাৰণক সমগ্ৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়াটোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে আহ্বান জনায়।
‘‘কোনোধৰণৰ বিষ অনুভৱ হোৱা নাই আৰু ভেকচিন অতি কম সময়ত সহজতে ল’ব পাৰি….ই সুৰক্ষিত,’’ ভেকচিন গ্ৰহণ কৰাৰ পাছত কমলা হেৰিছে লগতে কয়।
‘‘এয়া জীৱন ৰক্ষাৰ বাবে, আপোনাৰ, পৰিয়ালৰ সদস্যৰ আৰু জাতিৰ’’ সকলোকে ক’ৰ’না ভাইৰাছৰ ভেকচিন গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই কমলা হেৰিছে কয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হোৱা জ’ বিডেনেও ক’ৰ’না ভাইৰাছৰ ভেকচিন লাইভ টিভিৰ অনুষ্ঠানত গ্ৰহণ কৰিছে।
২১ ডিচেম্বৰত ক্ৰিষ্টিয়ানা হাস্পাতলত ফাইজাৰ-বায়’এনটেকৰ কৰ’না ভেকচিন গ্ৰহণ কৰে বিডেনে।
সমগ্ৰ আমেৰিকাবাসীক আশ্বস্ত কৰাৰ বাবে বিডেনে ভেকচিন গ্ৰহণ কৰা কাৰ্যসূচী পোনপটীয়াকৈ লাইভ টিভিত সম্প্ৰচাৰ কৰা হৈছিল।
The post বিডেনৰ পাছত কমলা হেৰিছেও লাইভ টিভিত গ্ৰহণ কৰিলে ক’ৰ’না ভাইৰাছৰ ভেকচিন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2KFcHSq
via IFTTT
Comments
Post a Comment