বকোত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু…

ডিজিটেল সংবাদ, বকোঃ নিশা কামৰূপ জিলাৰ বকোত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে কৰুণ মৃত্যুক সাৱটি ল’ব হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত দক্ষিণ ঘিলাবাৰী গাঁৱত আজি পুৱতি নিশা বনৰীয়া হাতী এটাই প্ৰবেশ কৰি ৰবীন খাখলাৰী(৫০) নামৰ লোক এগৰাকীৰ ঘৰৰ ভৰালত ধন খায়।
সেই সময়ত ৰবীন খাখলাৰীয়ে বনৰীয়া হাতীটোক খেদি দিবলৈ যাওঁতে হাতীটোৱে তেওঁক আক্ৰমণ কৰে । ফলত ৰবীন খাখলাৰীৰ থিতাতে মৃত্যু হয় । বনৰীয়া হাতীটোৱে পৰিয়ালটোৰ ঘৰ-দুৱাৰ পৰ্যন্ত ভাঙিথৈ যায়।
The post বকোত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aP0kO9
via IFTTT
Comments
Post a Comment