ডাঃ তপন ডেকালৈ ভাৰতীয় চিকিৎসক সন্থাৰ জীৱন জোৰা সাধনা বঁটা…

ডিজিটেল সংবাদ, নলবাৰীঃ নামনি অসমত চিকিৎসাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰা এজন উল্লেখযোগ্য চিকিৎসক হ’ল ডাঃ তপন ডেকা । নলবাৰীৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত ডাঃ ডেকাৰ ভূমিকা অতুলনীয়। যাৰ ফলত আজি নলবাৰী জিলা এক চিকিৎসাৰ নগৰী হিচাপে পৰিগণিত হৈছে । নলবাৰীত সেই তাহানিতে ১৯৭৪ চনৰ পৰা চিকিৎসা সেৱা আগবঢ়োৱা ডাঃ ডেকাই ব্যক্তিগত তথা সামূহিক প্ৰচেষ্টাৰে ক্রমে নলবাৰী মেটাৰনিটি হস্পিতাল আৰু সাৰথি হস্পিতাল নামৰ অনুষ্ঠান দুটি গঢ়ি তুলিছে ।
ডাঃ ডেকাই সফলতাৰে ক্ৰমে ভাৰতীয় চিকিৎসা সন্থা অসমৰ সভাপতি আৰু সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতীয় চিকিৎসা সন্থাৰ উপসভাপতি হিচাপে কৃতকাৰ্যতাৰে কাৰ্যনিৰ্বাহ কৰিছে । ডাঃ ডেকাৰ সবল নেতৃত্বতে নলবাৰীত প্ৰথম খন ব্যক্তিগত পৰ্যায়ৰ Indian Nursing Coincil ৰ স্বীকৃতি প্ৰাপ্ত GNM নাৰ্ছিং স্কুল গঢ় লৈ উঠিছে ।
য’ৰ পৰা এতিয়া বছৰি ৩০ গৰাকী ছাত্ৰী উত্তীৰ্ণ হৈ চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডত চাকৰি পাবলৈ সক্ষম হৈছে । চিকিৎসা সেৱাৰ বাবে অহোপুৰুষাৰ্থ কৰি থকা ডাঃ তপন ডেকাক ভাৰতীয় চিকিৎসা সন্থাৰ (IMA Headquarter) সভাপতিৰ দ্বাৰা ২০২০ চনৰ বাবে জীৱনযোৰা সাধনা আৰু কৃতিৰ বাবে বঁটা প্ৰদান কৰা হৈছে । যোৱা ১৮ ডিচেম্বৰ তাৰিখে ভাৰতীয় চিকিৎসক সন্থাৰ তৰফৰ পৰা অনলাইন মাধ্যমত ডাঃ ডেকাক এই বঁটা প্ৰদান কৰা হয় ।
আজীৱন নলবাৰী বা নামনি অসমৰ ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত আত্মনিয়োগত ব্যস্ত থকা ডাঃ ডেকা আজি এই কৃতিত্বৰ বাবে নথৈ আনন্দিত । এই কৃতিত্ব লাভ কৰি ডাঃ ডেকাই নৱপ্ৰজন্মৰ চিকিৎসক সকলক নিজৰ কৰ্মক্ষেত্ৰত সক্ৰিয় ভাৱে আত্মনিয়োগৰ বাবে আহ্বান জনায় ।নলবাৰীৰ এজন জ্যেষ্ঠ চিকিৎসক ডাঃ ডেকাই লাভ কৰা এই বঁটাৰ বাবে স্বাভাৱিকতে নলবাৰীৰ চিকিৎসক মহল উৎফুল্লিত হৈছে আৰু ডাঃ তপন ডেকাক শুভেচ্ছা জ্ঞাপন কৰে ।
The post ডাঃ তপন ডেকালৈ ভাৰতীয় চিকিৎসক সন্থাৰ জীৱন জোৰা সাধনা বঁটা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nPYwrH
via IFTTT
Comments
Post a Comment