গণতন্ত্ৰ দিৱসৰ পেৰেডত ভাল ল’বলৈ অহা ১৫০গৰাকী জোৱানৰ দেহত কোৰোনা…

ডিজিটেল ডেস্কঃ দিল্লীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশ লবলৈ অহা ১৫০গৰাকী সেনাজোৱানৰ দেহত কোৰোনাৰ অৱস্থিতি পোৱা গৈছে। আনুষ্ঠানিকভাৱে এই তথ্য সদৰি কৰিছে ভাৰতীয় সেনা বাহিনীয়ে। উল্লেখ্য যে, কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পেৰেডত ভাগ লবলৈ অহা সকলো জোৱানকে কোভিড পৰীক্ষা অনিবাৰ্য কৰা হৈছিল। ইফালে এক সূত্ৰৰ খবৰ অনুসৰি, প্ৰায় ২০০০ৰো অধিক সেনা জোৱানক কোভিড টেষ্ট কৰাব ভাৰতীয় সেনাই।
The post গণতন্ত্ৰ দিৱসৰ পেৰেডত ভাল ল’বলৈ অহা ১৫০গৰাকী জোৱানৰ দেহত কোৰোনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aERliy
via IFTTT
Comments
Post a Comment