বগৰি খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেওমৰনৈৰ দীপক কুমাৰৰ…

ডিজিটেল সংবাদ , মঙলদৈঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে যোৱা ২৩ মাৰ্চ ২০২০ৰ পৰা ভাৰতত লকডাউন চলি আছে। এই সময়ছোৱাত বিভিন্ন কল-কাৰখানাৰ পৰা আৰম্ভ কৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, আদালত তথা যান-বাহন আদি বন্ধ আছে।

কোৰোনা ভাইৰাছে ইতিমধ্যে আতংকিত কৰি ৰাখিছে। কিন্তু গোটেই বিশ্বতে কৰ’না মহামাৰীয়ে কেবল জীৱনে কাঢ়ি নিয়াই নহয়, এতিয়া কোটি কোটি লোকক কৰ্মহীন কৰি তোলাৰো উপক্ৰম হৈছে।
কিছুদিন পূৰ্বে প্ৰকাশ পোৱা বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি, লকডাউনৰ ফলত ভাৰতত ৪কোটি প্ৰব্ৰজিত শ্ৰমিক ক্ষতিগ্ৰস্ত হ’ব। আন্তৰ্জাতিক শ্ৰমিক সংগঠনে সদৰী কৰা মতে গোটেই বিশ্বত ১৬০ কোটি লোকৰ কৰ্ম সংস্থাপনত সংকট আহিব পাৰে।

আনহাতে, ৰাষ্ট্ৰসংঘই এইবাৰ আশংকা প্ৰকাশ কৰিছে যে লকডাউনৰ ফলত কেবল ভাৰততে ১৩ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাব পাৰে। ইয়াৰ ভিতৰত খুচুৰা ব্যৱসায়ৰ সৈতে জড়িত ১কোটি ১০ লাখ লোকে হেৰুৱাব পাৰে সংস্থাপন।

কোৰোনা মহামাৰি আৰু লগডাউনে বহুতৰে জন জীৱন সলনি কৰিলে। বহুজনৰে জীৱন জীৱিকাৰ ক্ষতিগ্ৰস্ত কৰাৰ সমান্তৰাল ভাবে কিছু লোকে এই লকডাউনৰ মাজতে বিশেষ বিশেষ কৰ্মদক্ষতা দাঙি ধৰিবলৈ সক্ষম হৈছে। দৰঙৰ দেওমৰনৈৰ দিপক কুমাৰ নামৰ যুৱক এজনে লকডাউনৰ মাজতে কৃষি কৰ্মৰে দেখুৱাইছে আৰ্দশ। কিয়নো এই জন যুৱকে লগডাউনৰ সময়তে বিভিন্ন খেতিৰ লগতে মাছ আৰু হাহ পালন কৰিছে। লগতে কেইবা বিঘা মাটিত উন্নত মানৰ আপেল বগৰি খেতি কৰি যুৱক যুৱতী সকলৰ মাজত স্বাৱলম্বীতাৰ এক আৰ্হি দাঙি ধৰিছে দিপক কুমাৰে।

দিপক কুমাৰে লক ডাউনৰ মাজতে আন আন কৃষিৰ উপৰিও পৰীক্ষা মুলক ভাৱে প্ৰায় ৫০০ জোপা আপেল বগৰীৰ গছ ৰোপন কৰি প্ৰথম বছৰতে সুফল পাবলৈ সক্ষম হবলৈ সক্ষম হৈছে। দিপক কুমাৰে আশা কৰিছে প্ৰতি ডাল আপেল বগৰী গছৰ পৰা ৩০ পৰা ৩৫ কেজি মুঠ প্ৰায় ১৫০ৰ পৰা ১৬০ কুণ্টল বগৰি পাবলৈ সক্ষম হব । কুমাৰে এই উৎপাদিত বগৰী সমুহ জানুৱাৰী মাহত বজাৰত বিক্ৰীৰ বাবে বজাৰত উলিয়াই দিব পাৰিব বুলিও আশা কৰিছে।

এইক্ষেত্ৰত দীপক কুমাৰে আমাৰ নিবনুৱা যুৱক যুৱতী সকলেও কেৱল মাত্ৰ এটি চাকৰিৰ আশাৰ বাবে বাট নাচাই এনেকুৱা খেতিৰ জৰিয়তে কম মূলধনৰেও অধিক আয় কৰিব পৰাৰ লগতে নিজৰ লগতে আন দহজনৰ সংস্থাপনৰ বাট মুকলি কৰিব পাৰি। চৰকাৰেও নিবনুৱা যুৱক যুৱতী সকলক কৃষি কৰ্মৰে হওক বা স্বাৱলম্বীতাৰ ক্ষেত্ৰতে হওক প্ৰশিক্ষণ বা ঋন প্ৰদানৰ ব্যৱস্থা কৰিলে আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে।

The post বগৰি খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেওমৰনৈৰ দীপক কুমাৰৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3hn6oyQ
via IFTTT

Comments