বৰহোলাত সক্ৰিয় নাৰী আন্ত:ৰাজ্যিক সৰবৰাহকাৰী চক্ৰ, এজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, বেকাজানঃ বৰহোলাত পুনৰ সক্ৰিয় হৈ উঠিছে এটা আন্ত:ৰাজ্য নাৰী সৰবৰাহকাৰী চক্ৰ। শনিবাৰে বৰহোলাৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক মহাৰাষ্ট্ৰৰ সুনীল মাধৱ পাটিল নামৰ এজন ব্যক্তিয়ে বিভিন্ন প্ৰলোভনেৰে পলুৱাই নিব খোজা অৱস্থাতে আৰক্ষীয়ে হাতে লোটে ধৰিবলৈ সক্ষম হয়। বৰহোলাত এনেদৰে নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জানিব পৰামতে বৰহোলা মহিমাবাৰীৰ এগৰাকী ১৫ বছৰীয়া যুৱতীৰ সৈতে ম’বাইলৰ দ্বাৰা চিনাকি হৈছিল মহাৰাষ্ট্ৰৰ সুনীল মাধৱ পাটিল নামৰ ব্যক্তিজন। সুনীল পাটিলে ম’বাইলতে বিভিন্ন মিঠা মিঠা কথাৰে কিশোৰী গৰাকীক প্ৰলোভিত কৰি তেওঁৰ লগত মহাৰাষ্ট্ৰ লৈ যাবলৈ সন্মত কৰাইছিল। সুনীলে কিশোৰীগৰাকীক লৈ অপহৰণ কৰি নিয়াৰ উদ্দেশ্যে কালি মহাৰাষ্ট্ৰৰ পৰা আহি বৰহোলাত উপস্থিত হয় ।
কিন্তু দুৰ্ভাগ্য যে কিশোৰীগৰাকীক লগত লৈ সুনীলে পুনৰ মহাৰাষ্ট্ৰলৈ ঘূৰি যাবলৈ যোৰহাটত উপস্থিত হোৱা অৱস্থাতে বৰহোলা আৰক্ষীয়ে জালত পেলায়। ইতিমধ্যে কিশোৰী গৰাকীৰ পিতৃয়ে বৰহোলা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত সুনীল মাধৱ পাটিলক আৰক্ষীয়ে ১৯৪/২০ নং গোচৰত গ্ৰেপ্তাৰ কৰি জেল’লৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৩৭ বছৰীয়া সুনীল মাধৱ পাটিলৰ পত্নী আৰু সন্তান থকা এজন বিবাহিত ব্যক্তি লোক ।
তেওঁ সেনাবাহিনীত কৰ্মৰত বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত নিশ্চিত আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুসন্ধান ব্যাপক অব্যাহত ৰাখিছে। উল্লেখ্য যে সুদূৰ মহাৰাষ্ট্ৰৰ এজন বিবাহিত লোকে এনেদ আহি বৰহোলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা এগৰাকী কিশোৰীক পলুৱাই নিবলৈ চেষ্টা কৰা বিষয়টোৱে বৰ্তমান বৰহোলাৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ আঁৰত এক বৃহৎ আন্তৰাজ্যিক নাৰী সৰবৰাহকাৰী চক্ৰ জড়িত হৈ থকাৰ কথাও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য এই ঘটনাৰ পূৰ্বেও বৰহোলা অঞ্চলৰ একাংশ যুৱতীক এনেদৰে কৰ্ম সংস্থাপন আৰু বিবাহৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি বিভিন্ন পতিতালয়ত বিক্ৰী কৰা তথ্য পোহৰলৈ আহিছে । বৰহোলাৰ বিভিন্ন সংগঠন আৰু ৰাইজে আৰক্ষীক নাৰী সৰবৰাহৰ লগত জড়িত অসাধু চক্ৰক পুলিয়ে-পোখাই উঘালিবলৈ বৰহোলাৰ ৰাইজে আহবান জনাইছে ।
The post বৰহোলাত সক্ৰিয় নাৰী আন্ত:ৰাজ্যিক সৰবৰাহকাৰী চক্ৰ, এজনক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aX4e7V
via IFTTT
Comments
Post a Comment