লাখ লাখ টকা BARCক দি TRP মেনেজ কৰিছিল অৰ্ণৱ গোস্বামীয়ে!

ডিজিটেল ডেস্কঃ ভুৱা টি আৰ পি ৰেটিং প্ৰসংগক লৈ দেশৰ প্ৰখ্যাত সাংবাদিক অৰ্ণৱ গোস্বামীৰ পুনৰ সাঙুৰ খাইছে আন এটা বিপদত। শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে জাৰি কৰা এখন প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, টি আৰ পি ৰেটিঙত খেলিমেলি কৰিবৰ বাবে অৰ্ণৱ গোস্বামীয়ে BARCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাক দিছিল কেইবা লক্ষাধিক টকা। প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, এই ধনৰ জৰিয়তে ৰিপাব্লিক ভাৰত আৰু ৰিপাব্লিক টিভিৰ টি আৰ পি বঢ়াই দিয়াৰ বাবে দাসগুপ্তা আৰু অৰ্ণৱ গোস্বামীৰ মাজত এক প্ৰকাৰৰ চুক্তি হৈছিল।
আৰক্ষীয়ে প্ৰতিবেদনখনত উল্লেখ কৰিছে যে,- যিজন ব্যক্তিক আমি বিগত সপ্তাহত গ্ৰেপ্তাৰ কৰিছে, তেৱেই হৈছে এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাষ্টাৰমাইণ্ড। বিত্তীয় লাভৰ বাবে দৰ্শকৰ সংখ্যা আৰু বিভিন্ন তথ্য ভুলকৈ উপস্থাপন কৰিছিল।’ আৰক্ষীয়ে এই সকলো তথ্য ফাদিল কৰাৰ লগতে এই কথাও জনায় যে, পাৰ্থ দাসগুপ্তাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিবলৈ আমি আবেদন জনাম কিয়নো আৰু বহু তথ্য এতিয়াও আমি তেওঁৰ পৰা উলিয়াব পৰা নাই।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা BARCৰ আন এগৰাকী উচ্চ পদস্থ বিষয়া ৰমিল ৰামগড়িয়াৰ সন্দৰ্ভতো কেতবোৰ তথ্য উদঘাটন কৰিছে। আৰক্ষীয়ে সদৰি কৰা মতে, ৰমিল ৰামগড়িয়াই অন্য চেনেলৰ গোপনীয় তথ্যবোৰ প্ৰদান কৰিছিল দাসগুপ্তাক। যাৰ জৰিয়তে ৰিপাব্লিক টিভিৰ ইংৰাজী আৰু হিন্দী চেনেলৰ টি আৰ পি ভুৱাকৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায়ক হৈছিল। উল্লেখ্য যে, শেহতীয়াকৈ পি টি আইয়ে সদৰি কৰা অনুসৰি, অৰ্ণৱ গোস্বামীৰ পৰা লাভ কৰা ধনেৰে দাসগুপ্তাই দামী ঘড়ীৰ লগতে বহু গহণা ক্ৰয় কৰিছিল। এই বিষয়ৰ সন্দৰ্ভতো আৰক্ষীয় তদন্ত অব্যাহত ৰাখিছে।
The post লাখ লাখ টকা BARCক দি TRP মেনেজ কৰিছিল অৰ্ণৱ গোস্বামীয়ে! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JqezO4
via IFTTT
Comments
Post a Comment