বিদেশীৰ তুলনাত ঘৰুৱা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত
অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ ঘৰুৱা পৰ্যটকৰ উপস্থিতি যথেষ্ট পৰিমানে বৃদ্ধি পাইছে।
কাজিৰঙাৰ হোটেল এণ্ড ৰিজৰ্ট এছ’চিয়েচনৰ সচিব পংকজ গগৈয়ে কয় যে বিগত বছৰ সমূহৰ তুলনাত এই বছৰ মহামাৰী ক’ভিড-১৯ৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত বিদেশী পৰ্যটকৰ সংখ্যা তুলনামূলভাৱে হ্ৰাস পাইছে।
‘ক’ভিড-১৯ৰ বাবে বেছিভাগ আনঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিদেশী পৰ্যটকৰ তুলনাত ঘৰুৱা পৰ্যটকৰ উপস্থিতি যথেষ্ট উৎসাহজনক। আমি আশাবাদী, অহা বছৰৰ পৰা আমি আৰু অধিক পৰ্যটক লাভ কৰিম’, গগৈয়ে কয়।
আনহাতে কাজিৰঙাৰ ডিভিজনেল বন বিষয়া ৰমেশ গগৈয়ে কয় যে বৰ্তমান পৰিস্থিতিৰ বাবে অইন বছৰৰ তুলনাত এইবছৰ বিদেশী পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমান হ্ৰাস পাব।
এক তথ্যৰ পৰা জানিব পৰা মতে যোৱা দুই মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটকৰ পৰা ৭৫ লাখ টকা সংগ্ৰহ কৰিছে।
The post বিদেশীৰ তুলনাত ঘৰুৱা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/38C2LRj
via IFTTT
Comments
Post a Comment