বিটেইনৰ পৰা অহা ১০৯গৰাকী ভাৰতীয়ৰ নাই কোনো সন্ধান…

ডিজিটেল ডেস্কঃ বিটেইনত নতুন কোৰোনা ভাইৰাছে পুনৰ এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বিটেইনৰ পৰা ভাৰতলৈ অহা ২০ৰো অধিক লোকৰ দেহত পূৰ্বতকৈ অধিক মাৰাত্মক এই ভাইৰাছবিধৰ সংক্ৰমণ ইতিমধ্যে পোৱা গৈছে। কেন্দ্ৰই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যে, কোৰোনাৰ পৰীক্ষা নিগেটিভ আহিলেও বিটেইনৰ পৰা অহা সকলো লোকেই কোৱাৰেন্টাইন হৈ থাকিব লাগিব। কিন্তু শেহতীয়াকৈ এক খবৰে পুনৰ চিন্তুাত পেলাইছে ভাৰতক।
যোৱা ২২ ডিচেম্বৰৰ আগত ভাৰতলৈ ঘূৰি অহা প্ৰায় ১০৯গৰাকী লোকৰ সন্ধান এতিয়ালৈকে লভা কৰা নাই প্ৰশাসনে। পুণে এই লোককেইজনৰ সন্ধান বিচাৰি পৌৰ নিগমে ইতিমধ্যে সহায় হৈছে আৰক্ষীৰ। কিন্তু কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। প্ৰশাসনে ব্যক্ত কৰিছে যে, এই লোকসকল নিজৰ উপৰিও আন দহজনলোকৰবাবে ক্ষতিকাৰক হিচাপে বিবেচিত হব পাৰে।
The post বিটেইনৰ পৰা অহা ১০৯গৰাকী ভাৰতীয়ৰ নাই কোনো সন্ধান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37XSkZj
via IFTTT
Comments
Post a Comment