অবিশ্বাস্য,কিন্তু…৬৪ বছৰ বয়সত NEET উত্তীৰ্ণ হৈ মেডিকেল পাঠ্যক্ৰমত নাম ভৰ্তি কৰিলে এই জন লোকে!
জীৱনত কোনো কথাতেই বয়স বাধা হ’ব নোৱাৰে।
সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দিলে ওড়িশাৰ বাৰগড় জিলাৰ আটাবিৰাৰ অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী জয় কিশোৰ প্ৰধানে।
সৰুৰে পৰা চিকিৎসক হোৱাৰ মন আছিল প্ৰধানৰ।
কিন্তু প্ৰথমবাৰ চেষ্টা চলাই তেওঁ মেডিকেল পাঠ্যক্ৰমত নাম ভৰ্তিৰ সুযোগ পোৱা নাছিল।
আশা পূৰণ নোহোৱাকৈয়ে জয় কিশোৰ প্ৰধানে বেংক অৱ ইণ্ডিয়াত চাকৰি পালে। পৰিয়াল চলাবলৈ চাকৰি এটাৰ প্ৰয়োজন হোৱা বাবে তেওঁ চাকৰিত যোগদানো কৰিলে।
এনেদৰে বেংকত চাকৰি কৰি তেওঁ ডেপুটি মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰি এটা সময়ত অৱসৰো গ্ৰহণ কৰিলে।
অৱসৰৰ পিছতে জয় কিশোৰ প্ৰধানে তেওঁৰ সৰুকালৰ আধৰুৱা সপোণ পূৰণ কৰাৰ মন মেলিলে।
সেই মৰ্মে তেওঁ NEET পৰীক্ষাত অৱতীৰ্ণ হ’ল আৰু যোগত্যাও অৰ্জন কৰিলে।
দেশত NEET পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সৰ্বোচ্চ বয়স কিমান হ’ব তাকে লৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। গোচৰটোৰ ৰায়দান নোহোৱাৰ বাবে এতিয়া যিকোনো বয়সৰ লোকেই NEET ত বহিব পাৰে।
NEET ত বহি মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা অৰ্জন কৰা জয় কিশোৰ প্ৰসাদে শেহতীয়াকৈ বীৰ সুৰেন্দ্ৰ সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্ছ মেডিকেল কলেজত এমবিবিএছৰ প্ৰথম বাৰ্ষিকত নাম ভৰ্তি কৰিছে।
মেডিকেলৰ ডিগ্ৰী সম্পূৰ্ণ হওতে তেওঁৰ বয়স প্ৰায় ৭০ বছৰ হ’ব। সেই বয়সত তেওঁ চৰকাৰী চাকৰি নাপালেও ব্যক্তিগত ভাবেই ৰাইজৰ সেৱা কৰি যাব বুলি প্ৰধানে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।
The post অবিশ্বাস্য,কিন্তু…৬৪ বছৰ বয়সত NEET উত্তীৰ্ণ হৈ মেডিকেল পাঠ্যক্ৰমত নাম ভৰ্তি কৰিলে এই জন লোকে! appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3rwUOpq
via IFTTT
Comments
Post a Comment