৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা শুভাৰম্ভ : উদ্বোধন কৰিলে বংগৰ তথাগত ৰয়ে
‘অসমীয়া আৰু বাংলা ভাষা-ভাষীৰ মিলা-প্ৰীতি ঐতিহাসিক। সাময়িক সংঘাত পাহৰি আমি নতুন চিন্তাৰে একেলগে আগুৱাব লাগিব। অসমীয়া ভাষা বৰ মিঠা।’, অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য প্রকাশ কৰে পশ্চিমবংগ নিবাসী ভাৰতৰ বিশিষ্ট লেখক-চিন্তাবিদ তথা ত্ৰিপুৰাৰ প্রাক্তন ৰাজ্যপাল তথাগত ৰয়ে।
প্রাচীন কামৰূপৰ পৰা ৰুদ্ৰসিংহৰ যুগলৈ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাক উপত্যকালৈ উত্তৰ-পূৰ্বঞ্চলৰ সৈতে থকা মহাভাৰতীয় প্রাচীন সম্পৰ্কৰ বিভিন্ন এতিহাসিক দিশ তেওঁ নিজৰ ভাষণত বিশ্লেষণ কৰে।
গ্ৰন্থই সদায়ে মানুহৰ জ্ঞানোদয় কৰি অহা বুলি উল্লেখ কৰি তেওঁ অসম প্রকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ সাফল্য কামনা কৰে।
৩৩ সংখ্যক শুৱাহাটী গ্ৰন্থমেলা বন্তি প্রজ্জলনেৰে উদ্বোধন কৰি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে গ্ৰন্থক মৰুভূমিৰ উদ্যানৰ সৈতে তুলনা কৰে।
প্ৰসংগক্ৰমে তেওঁ কয়, ‘গ্রন্থই পৃথিৱীখনক জীপাল কৰি ৰাখিছে। গ্ৰন্থই আমাক চিন্তা আৰু জ্ঞান দিয়ে৷ গ্ৰন্থৰ শক্তি অস্ত্ৰতকৈ বহু বেছি।’
ইপিনে গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ য়েছে দৰজে ঠংচিয়ে গ্রন্থমেলাই সমাজৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই অনা বুলি মন্তব্য কৰে।
‘ক’ৰ’ণা মহামাৰীৰ সময়ত কিতাপ পঢ়া মানুহৰ সংখ্যা বৃদ্ধি হোৱা বুলি সামাজিক মাধামত তথ্য প্রকাশ পাইছে। বিপদকালত এয়াও নিশ্চিতভাৱে শুভ সংবাদ৷ লেখকসকলে এই সময়চোৱাত সৃষ্টিৰ বাবে অফুৰন্ত সময় পালে। ক’ৰ’ণা কালৰ এই কথাই প্রমাণ কৰিছে যে, সাহিত্য কোনোকালেই থমকি নৰয়’, এনেদৰেও কয় প্ৰসিদ্ধ সাহিত্যিকগৰাকীয়ে৷
তদুপৰি লুম্মেৰ দাইক লেখক-সাহিত্যিকৰূপে গঢ়ি তোলাত অসম প্ৰকাশন পৰিষদৰ অৱদানক স্বীকাৰ কৰি ঠংচিয়ে কয় যে, ‘এনে কামবোৰে দুখন ৰাজ্যৰ ভাষা-সাহিত্যৰ সেঁতু বান্ধিছে।’
গুৱাহাটী গ্রস্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই।
ভাষণ প্ৰসংগত তেওঁ ক’ৰ’ণাৰ সময়চোৱাতো প্রকাশন পৰিষদে গ্রন্থৰ কাম অব্যাহত ৰখা বুলি সদৰি কৰি এই সময়চোৱাতে ৩৯ খন নতুন গ্ৰন্থ আৰু ৪১ খন গ্ৰন্থ পুনৰমুদ্ৰণ হৈছে বুলি উল্লেখ কৰে।
১২ খন গ্ৰন্থ উন্মোচন
গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে উন্মোচিত হয় অসম প্রকাশন পৰিষদে প্রকাশ কৰি উলিওৱা ১২ খনকৈ গ্ৰন্থ৷ ইয়াৰ ভিতৰত আছে ডঃ ডম্বৰুধৰ নাথ সম্পাদিত অনিৰুদ্ধদেৱ ৰচনাৱলী, ডঃ সদানন্দ পায়েং সম্পাদিত অই নিঃতম, বিপুলজ্যোতি শইকীয়া সম্পাদিত হীৰেন ভট্টাচাৰ্য ৰচনাৱলী, জয়ন্ত মাধৱ বৰা সম্পাদিত লুম্মেৰ দাই ৰচনাৱলী, ড়ঃ গোবিন্দ প্ৰসাদ শৰ্মা সম্পাদিত ৰজনীকান্ত বৰদলৈ ৰচনাৱলী, ডঃ উপেন ৰাভা হাকাচাম সম্পাদিত বিবাৰ বাদুংডুপ্পা বিৰতা, তিলক চন্দ্ৰ মজুমদাৰে প্রণয়ন কৰা বৰগীত, মায়া সিং ব্ৰহ্ম আৰু মাধৱীলতা ৰামচিয়াৰীয়ে বড়ো ভাষালৈ অনুবাদ কৰা, ৰনচাইনাই ৰাইথাই বিদান, ড’ উপেন ৰাভা হাকাচাম সম্পাদিত ৰাভা খুত্ৰাইছিনি খুৰাংচি, প্ৰয়াত ভগগিৰী ৰায়চৌধুৰীৰ অম্বিকাগিৰীৰ সংগ্রাম আৰু সাৰস্বত সাধনা, অতুল চন্দ্ৰ হাজৰিকাৰ নৰকাসুৰ নাটকৰ ডঃ দীপক কুমাৰ শৰ্মাই সংস্কৃতলৈ কৰা অনুবাদ নৰকাসুৰম, আৰু গীতা ভৰালীয়ে অনুবাদ কৰা ৰবীন্দ্ৰনাথৰ এমুঠি গল্প।
The post ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা শুভাৰম্ভ : উদ্বোধন কৰিলে বংগৰ তথাগত ৰয়ে appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/380BAAy
via IFTTT
Comments
Post a Comment