নলবাৰীত সৰলা দেৱীৰ দুখন গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, নলবাৰীঃ ‘কিতাপৰ পৰা পঢ়ুৱৈয়ে কিবা আহৰণ কৰিব পৰা হ’ব লাগে। লেখা সু-পৰিকল্পিত,সুখপাঠ্য আৰু মেছেজ থকা হ’লেহে তাৰ প্ৰতি পঢ়ুৱৈৰ আগ্ৰহ বাঢ়ে।’– এই মন্তব্য বিশিষ্ট সাহিত্যিক-সমালোচক অশ্বিনী কুমাৰ শৰ্মাৰ। সোমবাৰে আবেলি নলবাৰীৰ শংকৰদেৱ একাডেমীত গজালি প্ৰকাশনৰ উদ্যোগত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখিকা সৰলা দেৱীৰ ‘পৃথিৱীৰ অসুখ আৰু অন্যান্য প্ৰবন্ধ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি অশ্বিনী কুমাৰ শৰ্মাই এইদৰে কয়।
কিতাপ পঢ়িবলৈ আন্দোলন কৰিবলগীয়া হোৱাটো লজ্জাজনক বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। উন্মোচিত পুথিখনত বৰ্তমান সমাজৰ পৰিবেশ-পৰিস্থিতি, লেখিকাৰ ব্যক্তিগত অনুভৱ,উপলব্ধি আৰু অভিজ্ঞতাৰ বাংময় প্ৰকাশ বিদ্যমান বুলিও তেওঁ কয়। গজালি প্ৰকাশনৰ শংকৰ শৰ্মাই আঁত ধৰা আৰু বিশিষ্ট কবি তথা শংকৰদেৱ একাডেমীৰ উপাধ্যক্ষ বিনয় কুমাৰ মজুমদাৰে সঞ্চালনা কৰা সভাত একেগৰাকী লেখিকাৰ ‘অসমীয়া ফকৰা যোজনা আৰু অন্যান্য’ নামৰ আন এখন পুথি উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।
উন্মোচনী ভাষণ প্ৰসংগত তেওঁ কয় যে শব্দ ধন্যাত্মক আৰু বৰ্ণাত্মক । শব্দই বোধন কৰে অভিধা। এখন গ্ৰন্থৰ মহত্ব শব্দৰ মাধ্যমত প্ৰকাশ পাই আৰু প্ৰোজ্জল হৈ উঠে। শৰ্মাই আৰু কয় যে ভাৰতীয় পৰম্পৰা আৰু দৰ্শনৰ সাহিত্যিক চেতনাসমৃদ্ধ বোৱতী ধাৰাটো নিৰবধি বৈ থকাত এনেকুৱা গ্ৰন্থসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। শংকৰদেৱ একাডেমীৰ সমন্বয়ক ড° শৈলেন্দ্ৰপ্ৰসাদ শৰ্মাই উদ্বোধন কৰা সভাত বিশিষ্ট কবি হীৰেন্দ্ৰ কুমাৰ শৰ্মাই নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে।
সভাৰ আৰম্ভণিতে সাহিত্যিক তথা নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি প্ৰয়াত ৰুচিনাথ শৰ্মাৰ প্ৰতিকৃতিৰ সম্মুখন বন্তি প্ৰজ্জ্বলন কৰে জ্যেষ্ঠ সাংবাদিক, নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মাই। ভাষণ প্ৰসংগত তেওঁ কয় যে অসমীয়া কিতাপ নপঢ়ে বুলি আক্ষেপ কৰি লাভ নাই। কিয় নপঢ়ে সেয়াহে লেখক-প্ৰকাশকসকলে বিশ্লেষণ কৰা উচিত। কাৰণ গুণগত মান থকা গ্ৰন্থৰ সমাদৰ সমাদৰ সদায় আছে। তেওঁ নতুন প্ৰজন্মৰ অনূবাদ সাহিত্যৰ প্ৰতি আগ্ৰহৰ কথাও প্ৰকাশ কৰে। প্ৰয়াত ৰুচিনাথ শৰ্মাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে তেওঁৰ পৰিবাৰ সৰলা দেৱীয়ে। হৃদয়জিৎ শৰ্মাৰ বাঁহীবাদনে অনুষ্ঠানটোক বিশেষ মাত্ৰা প্ৰদান কৰে।
The post নলবাৰীত সৰলা দেৱীৰ দুখন গ্ৰন্থ উন্মোচন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pwVKs8
via IFTTT
Comments
Post a Comment