বিজেপি দলে কংগ্ৰেছ দলৰ নেতা ধাৰ কৰি অসমত শাসন চলাইছে; কংগ্ৰেছৰ পৰ্যবেক্ষক বিকাশ উপাধ্যায়
শিৱসাগৰ আৱৰ্ত ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা চত্তিশগড় বিধান সভাৰ ৰায়পুৰ পশ্চিম সমষ্টিৰ বিধায়ক আৰু সংসদীয় সচিব বিকাশ উপাধ্যায়ে এখন সংবাদ মেল সম্বোধন কৰে।
আগন্তুক ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ দলে চাৰি গৰাকী সম্পাদকক নিৰ্বাচন পৰ্যৱেক্ষণ তথা তৃণমূল পৰ্যায়ত সমষ্টি সমূহৰ বুজ লোৱাৰ দায়িত্ব দিছে।
এই সন্দৰ্ভত উপাধ্যায়ক উজনি অসমৰ দায়িত্ব প্ৰদান কৰিছে। সেই সূত্ৰে উজনি অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত হৈ সমষ্টি সমূহৰ বুজ লয় নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে।
আজিৰ সংবাদ মেলত তেওঁ উজনি অসমৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী সকলক সাক্ষাৎ কৰি দলৰ সাংগঠনিক স্থিতিৰ বুজ লোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে দলটো কিমান সাজু সেই সন্দৰ্ভত পৰ্যৱেক্ষণ কৰা বুলি জানিব দিয়ে।
নিৰ্বাচনৰ কোনো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয়, কংগ্ৰেছ দলৰ পৰা নেতা ধাৰ কৰি অসমত বিজেপি দলৰ শাসন চলাইছে ।
আনহাতে গোলঘাটৰ বিধায়িকা জেষ্ঠ কংগ্ৰেছ দলৰ নেত্ৰী অজন্তা নেওঁগৰ প্ৰসংগ টানি তেওঁ কয় বিভিন্ন হেঁচা আৰু প্ৰলোভন প্ৰদান কৰি বিজেপি দলে কংগ্ৰেছৰ নেত্ৰী গৰাকীক বিজেপিকৰণ কৰিলে।
তেওঁৰ নিজৰ অপাৰগতা আৰু উচ্চাকাঙ্খাৰ বাবে বিজেপি দলত যোগ দিব লৈছে। কংগ্ৰেছ হাইকমাণ্ডে ইতিমধ্যে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। এনে নেতাক লৈ বিজেপিয়ে শাসনৰ গাদী দখলৰ চেষ্টা কৰিছে যদিও সফল নহব।
তেওঁ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে বহুমত লাভ কৰি চৰকাৰ দখল কৰিব বুলি দাবী উত্থাপন কৰাৰ উপৰিও বিজেপি দলক নিকৃষ্ট ৰাজনীতিৰে হিংসা বিয়পোৱা দল বুলি অভিহিত কৰে।
এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ৰাইজৰ মাজত থকা যোগ্য শিক্ষিত প্ৰাৰ্থীক টিকত প্ৰদান কৰিব বুলি স্পষ্ট কৰি কয় যে প্ৰাৰ্থীৰ অযোগ্যতাৰ বাবে নিৰ্বাচন হৰাৰ বদনাম এইবাৰ কংগ্ৰেছ দলে বহন নকৰে।
পশ্চিম বংগত হিংসা বিয়পোৱা, বিহাৰত নিকৃষ্ট ৰাজনীতি কৰি শাসনৰ গাদী দখল কৰা এই দলটোৱে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে।
যাৰ বাবে এইবাৰ নিৰ্বাচনৰ ইস্তাহাৰ কংগ্ৰেছ দলে বন্ধ কোঠাত বহি নিৰ্দ্ধাৰণ নকৰে।বৰঞ্চ ৰাইজৰ মাজলৈ গৈ ৰাইজৰ সমস্যা অনুধাৱন কৰি সমাধানৰ প্ৰতিশ্ৰুতি দিব।
The post বিজেপি দলে কংগ্ৰেছ দলৰ নেতা ধাৰ কৰি অসমত শাসন চলাইছে; কংগ্ৰেছৰ পৰ্যবেক্ষক বিকাশ উপাধ্যায় appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3nVITzk
via IFTTT
Comments
Post a Comment