ৰাইজৰ দলৰ শিৱসাগৰ জিলা অভিৱৰ্তন সম্পন্ন : গঠন হ’ল শিৱসাগৰ জিলাৰ পূৰ্ণাংগ সমিতি

অসমৰ ৰাজনীতিত নতুনকৈ গঠিত হোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ অভিৱৰ্তন বুধবাৰে শিৱসাগৰৰ যুৱ দ’লৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

উক্ত অভিৱৰ্তনত ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ ৪৩ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়।

এই অভিৱৰ্তনৰ পতাকা উত্তোলন কৰে ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ মুখ্য আহ্বায়ক ৰঞ্জীত তামুলীয়ে। ইয়াৰ পিছতে কা’ বিৰোধী আন্দোলনত ছহিদ হোৱা পঞ্চ ছহিদৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় দলৰ ৰাজ্যিক আহ্বায়ক পদ্মকান্ত দাসে।

ৰাইজৰ দলৰ মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা এটি কোৰাছে আৰম্ভ হোৱা মুকলি সভাত উদ্ধোধনী ভাষণ প্ৰদান কৰে ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙ্গীয়াই।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দলৰ অন্যতম মুখ্য ৰাজ্যিক আহ্বায়ক ভাস্ক’ডি শইকীয়া, অসমৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে।

শিৱসাগৰ জিলাৰ চাৰিওটা সমষ্টিৰ সমিতিৰ পৰা প্ৰেৰণ কৰা প্ৰতিনিধি সভাই মুনিন্দ্ৰ লাহনক সভাপতি, জিতুজ্যোতি গায়নক কাৰ্যকৰী সভাপতি, পল্লৱ গগৈ, মুজিদ আলি, পংকজ দত্ত আৰু ৰঞ্জিত গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ৪৩ জনীয়া এখন শক্তিশালী পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

শিৱসাগৰত অনুষ্ঠিত উক্ত অভিৱৰ্তনত শিৱসাগৰ, আমগুৰি, নাজিৰা আৰু থাওৰা সমষ্টিৰ কেইবাশতাধিক লোক উপস্থিত থাকে।

The post ৰাইজৰ দলৰ শিৱসাগৰ জিলা অভিৱৰ্তন সম্পন্ন : গঠন হ’ল শিৱসাগৰ জিলাৰ পূৰ্ণাংগ সমিতি appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2WXefcT
via IFTTT

Comments