কৃষক বিদ্ৰোহ : বিদ্ৰোহী কৃষক সংগঠনেৰে চৰকাৰৰ ষষ্ঠ লানি আলোচনাও ব্যৰ্থ
নিজৰ স্থিতি অটল আছে দেশৰ কৃষক সংগঠনসমূহ।
এমাহৰো অধিক কাল দিল্লী সংযোগী সীমান্ত অঞ্চলত আন্দোলনৰত কৃষকসকলে এতিয়াও নিজৰ স্থিতিত অলৰ অচৰ।
চৰকাৰৰ সৈতে কৃষক সংগঠনসমূহৰ ক্ৰমাগত ষষ্ঠ লানি আলোচনাও ব্যৰ্থ হৈছে।
বুধবাৰে দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টুমৰৰ সৈতে এটা চৰকাৰীৰ প্ৰতিনিধিৰ সৈতে কৃষক সংগঠনসমূহৰ নেতৃত্বই বৈঠকত অংগ্ৰহণ কৰে।
কিন্তু এই আলোচনাও পূৰ্ব আলোচনাসমূহৰ দৰে কোনো ফলৱৰ্তী নহ’ল। বিশেষ সূত্ৰৰ খবৰ মতে হেঁচাত পৰিলেও চৰকাৰে কৃষি আইনসমূহ বাতিলৰ পক্ষত নাই।
আনহাতে চৰকাৰে কৃষকৰ সমস্যা সমাধানৰ বাবে এখন কৃষি কমিটি গঠনৰ প্ৰস্তাৱ দিছে যদিও কৃষক সংগঠনসমূহে এই প্ৰস্তাৱক নাকচ কৰিছে।
চৰকাৰৰ তৰফৰ পৰা দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি কৃষক সংগঠনসমূহক আন্দোলন স্থগিত ৰাখিবলৈ আহ্বান জনোৱা হৈছে। কৃষক সংগঠনসমূহে চৰকাৰৰ এই আহ্বানকো প্ৰত্যাখ্যান কৰি আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে।
ইফালে ফলৱৰ্তী নহ’লেও দুয়ো পক্ষই আলোচনাক সদৰ্থক বুলি মন্তব্য কৰিছে। অহা ৪ জানুৱাৰীত পৰৱৰ্তী বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
“আজি বৈঠক সদৰ্থক আছিল। চাৰিটা বিষয়ৰ দুটা বিষয়ত দুয়ো পক্ষই সহমত পোষণ কৰিছে। দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাত আন্দোলনকাৰী নেতাসকলক আমি আবেদন কৰিছো যে বৃদ্ধ-বৃদ্ধা, মহিলা, শিশুসকলক আন্দোলনস্থলীৰ পৰা ঘৰলৈ পঠায় দিয়ক।” কেন্দ্ৰীয় কৃষি মন্ত্ৰী টুমৰে কয়।
ইফালে ন্যূনতম সমৰ্থন মূল্যৰ সম্পৰ্কে আৰু আলোচনা হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে।
কিন্তু এতিয়াও মূল বিষয় দুটাত সহমতত উপণীত হোৱাই কৃষক সংগঠন আৰু চৰকাৰ।
“আমাৰ দুয়োটা মূল দাবী এতিয়া সমাধান হোৱা নাই। ন্যূনতম সমৰ্থন মূল্য সম্পৰ্কীয় বিষয়টো আৰু কৃষি আইনসমূহ বতিলৰ সম্পৰ্কীয় বিষয় দুটা এতিয়াও সমাধান হোৱা নাই আৰু ৪ জানুৱাৰীত বৈঠকত এই বিষয়ে আলোচনা কৰা হ’ব।” ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে কয়।
The post কৃষক বিদ্ৰোহ : বিদ্ৰোহী কৃষক সংগঠনেৰে চৰকাৰৰ ষষ্ঠ লানি আলোচনাও ব্যৰ্থ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/34X0eA6
via IFTTT
Comments
Post a Comment