আজি ভাইজানৰ জন্মদিনঃ কিন্তু পুৱাই কিয় খং উঠিল চলমানৰ…

ডিজিটেল ডেস্কঃ আজি বলিউদৰ ভাইজানৰ জন্মদিন। ১৯৬৫চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ভাইজান চলমান খানে আজি সম্পূৰ্ণ কৰিলে ৫৫টা বছৰ। জন্মদিনৰ উপলক্ষে দেওবাৰে পুৱাৰে পৰা চলমানৰ বাসগৃহৰ তলত অসংখ্য অনুৰাগীৰ ভিৰ হৈছে।

এৰ্পাটমেন্টৰ সন্মুখত বৃহত সংখ্যক লোকৰ সমাগম দেখি চলমানে সকলোকে আহ্বান জনাইছে যে, কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে সমাগম হোৱাটো ভাল হোৱা নাই। চলমানে অনুৰাগীসকলক এনেদৰে ভিৰ নকৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, প্ৰতিবছৰে জন্মদিনত চলমানৰ বাবে বাট থকা অনুৰাগীসকলক ঘৰৰ বেলকণিৰ পৰা অভিবাদন জনায় অভিনেতাজনে। কিন্তু এইবাৰ তেনে কৰা দেখা নগল।

The post আজি ভাইজানৰ জন্মদিনঃ কিন্তু পুৱাই কিয় খং উঠিল চলমানৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Jn7qOF
via IFTTT

Comments