বুধবাৰৰ পৰা আৰম্ভ হ’ব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা…

ডিজিটেল ডেস্ক : বুধবাৰ ৩০ ডিচেম্বৰ ২০২০ অৰ্থাৎ আজিৰে পৰা অনুষ্ঠিত হ’ব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা । বুধবাৰে বিয়লি ৪ বজাত গ্ৰন্থমেলাখনৰ শুভ উদ্বোধন কৰা হ’ব । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা ।

উদ্বোধনী অনুষ্ঠানত সভাপতি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ বিত্ত,স্বাস্থ্য,শিক্ষা আৰু লোক- নিৰ্মান বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সন্মানীয় অতিথি হিচাপে থাকিব ত্ৰিপুৰাৰ ভূতপূৰ্ব ৰাজ্যপাল,বিশিষ্ট লেখক তথা চিন্তাবিদ তথাগত ৰয় । বিশিষ্ট অতিথি হিচাপে থাকিব অৰুনাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী ।

চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত ৩০ ডিচেম্বৰ ২০২০ ৰ পৰা ১০ জানুৱাৰী ২০২১ লৈ অনুষ্ঠিত হ’ব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা ।এই গ্ৰন্থমেলাত প্ৰবেশ বিনামূলীয়া হ’ব ।

The post বুধবাৰৰ পৰা আৰম্ভ হ’ব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nZrF3L
via IFTTT

Comments