বিশ্বনাথত নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেশ্যনে অনুষ্ঠিত কৰিলে দূ:সাহসী ক্ৰীড়াৰ প্ৰশিক্ষণ…VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ অন্যতম দূ:সাহসী ক্ৰীড়াৰ সংন্থা “নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনে” বিশ্বনাথ চাৰিআলিত দুদিনীয়া দূ:সাহসী ক্ৰীড়াৰ প্ৰশিক্ষণ আয়োজন কৰিছে। ২৬ আৰু ২৭ডিচেম্বৰ অনুস্থিত হোৱা শিবিৰত বিশেষকৈ “ঝিপ লাইন ক্ৰচিং”ৰ উপৰিও বিভিন্ন দূ:সাহসী ক্ৰীড়াৰ সৈতে চিনাকি কৰাৰ লগতে দূ:সাহসী ক্ৰীড়াত ব্যৱহৃত বিভিন্ন সা-সামগ্ৰীৰ প্ৰদৰ্শন কৰা হয়।
বিশেষ অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক “ৰিংকুমণি দাসৰ তত্বাৱধানত ডেৰ শতাধিক যুৱক যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষকক লগত সহ প্ৰশিক্ষক হিচাপে সহায় কৰাৰ উপৰিও শিবিৰত বিশেষ ভাবে সহায় কৰে নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনৰ সক্ৰিয় সদস্য – সদস্যা বলিন ৰামচিয়াৰি, দীপু ভুঞা, বিটোপন নাথ, ৰুপক ভুঞা, মৃত্যুঞ্জয় দাস, পাৰ্থ প্ৰতীম ভুমিজ, গৌৰব ওং, নুপুৰ স্বৰ্গীয়াৰী,নৰেন্দ্ৰ শৰ্মা, পংকজ তাতী, জ্যোতিৰ্ময় শৰ্মা, অংকুমনি শৰ্মা, ৰোহিত গড়, দীপক দাস, ৰাজিব বৰুৱা, জোগেস্বৰ ভুমিজ, শ্নেহা বৰা, পুজা ঢাকাল, স্মিতা দেবি, শতাব্দী দাস, তুলিকা দাস, পাল্কী শইকীয়া, জয়শ্ৰী বৰুৱাৰ লগতে সকলো সদস্য সদস্যাই।
The post বিশ্বনাথত নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেশ্যনে অনুষ্ঠিত কৰিলে দূ:সাহসী ক্ৰীড়াৰ প্ৰশিক্ষণ…VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aIEMTr
via IFTTT
Comments
Post a Comment