টিআৰপি কেলেংকাৰি : অৰ্ণৱ গোস্বামীয়ে লাখ লাখ টকা উৎকোচ দিছিল BARCৰ প্ৰাক্তন চিইঅ’ দাসগুপ্তাক!
মুম্বাই টিআৰপি কেলেংকাৰিৰ মূল অভিযুক্ত ব’ডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিল(BARC)ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাক আৰক্ষী জিম্মাৰ ম্যাদ অহা ৩০ ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে।
মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই টিআৰপিত কেলেংকাৰিত জড়িত থকাৰ অভিযোগত যোৱা ২৪ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন বিষয়াগৰাকীক সোমবাৰে মুম্বাইৰ এখন আদালতে ৩০ দিনলৈ আৰক্ষী জিম্মা বৃদ্ধি কৰিছে।
ইফালে মুম্বাই আৰক্ষীয়ে BARCৰ প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীক জেৰা চলাই বহু বিস্ফোৰক তথ্য লাভ কৰাৰ লগতে সমগ্ৰ টিআৰপি কেলেংকাৰিটোৰ মাষ্টাৰমাইণ্ড দাসগুপ্তাই বুলি দাবী কৰিছে।
দাসগুপ্তাই ক্ষমতা অপব্যৱহাৰ কৰি টিআৰপি মেনিপুলেট কৰি কিছুমান নিউজ চেনেলৰ পৰা ধন লৈছিল বুলি প্ৰকাশ কৰিছে মুম্বাই আৰক্ষীয়ে।
ইফালে BARCৰ প্ৰাক্তন অন্য এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া ৰমিলা ৰামগৰ্হিয়াও দাসগুপ্তাৰ সৈতে জড়িত থকা বুলি দাবী কৰিছে আৰক্ষীয়ে।
“কিছুমান নিউজ চেনেল, বিশেষকৈ এআৰজি আউটলিয়াৰ মিডিয়া প্ৰাইভেট লিমিটেডৰ ৰিপাব্লিক ভাৰত আৰু ৰিপাব্লিক টিভি (ইংৰাজী) আদিৰ ক্ষেত্ৰত দাসগুপ্তাই নিজৰ ক্ষমতা অপব্যৱহাৰ দ্বাৰা টিআৰপি মেনিপুলেট কৰি আহিছিল।” আৰক্ষীয়ে ৰিমাণ্ড টোকাত এইদৰে কয়।
ইফালে টিআৰপি কেলেংকাৰিৰ তদন্তৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়া শচীন ৱাজেৰ মতে অৰ্ণৱ গোস্বামীয়ে দাসগুপ্তাক ২০১৭ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈ বৃহ পৰিমাণৰ ধন আদায় দিয়া প্ৰমাণ পোৱা গৈছে।
“২০১৭ চনত চুইজাৰেলণ্ড আৰু ডেনমাৰ্ক ভ্ৰমণৰ সময়ত গোস্বামীয়ে দাশগুপ্তাৰ পৰিয়ালক ৬,০০০ মাৰ্কিন ড’লাৰ ল’ৱাৰ পাৰেল হোটেল স্প’নছৰ কৰিছিল। আৰু ২০১৮ত ২০ লাখ টকা নগদ ধন প্ৰদান কৰিছিল আৰু এয়াৰপ’ৰ্টৰ সমীপৰ এখন হোটেলত ২০১৯ বৰ্ষত ১০ লাখ টকা দিছিল।” তদন্তকাৰী আৰক্ষী বিষয়া ৱাজেৰ দাবী।
The post টিআৰপি কেলেংকাৰি : অৰ্ণৱ গোস্বামীয়ে লাখ লাখ টকা উৎকোচ দিছিল BARCৰ প্ৰাক্তন চিইঅ’ দাসগুপ্তাক! appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3ruXeox
via IFTTT
Comments
Post a Comment