বানে উটুৱাই নিয়া বিদ্যালয় স্বেচ্ছাসেৱী সংস্থা ‘খালছা চেণ্টাৰ নৰ্থ ইষ্ট’য়ে নিৰ্মাণ কৰি দেখুৱালে মহানুভৱতা
মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডত বিগত সময়ত বানে উটুৱাই লৈ যোৱা এখন প্ৰাথমিক বিদ্যালয় “খালছা চেণ্টাৰ নৰ্থ ইষ্ট “নামৰ স্বেচ্ছাসেৱী সংস্থা এটাই নিৰ্মাণ কৰি দিছে।
উল্লেখযোগ্য যে ২০১৮ চনত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বানে উটুৱাই লৈ গৈছিল শিক্ষা খণ্ডটোৰ অন্তৰ্গত দক্ষিণ টেঙাগুৰি নতুন প্ৰাথমিক বিদ্যালয়খন।
ইয়াৰ পাছত এখন টিনৰ চালিৰ এটা বিধ্বস্ত ঘৰত ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰী সকলে জীৱনৰ আদি পাঠ গ্ৰহণ কৰিব লগা হৈছিল।
এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাত উক্ত স্বেচ্ছাসেৱী সংস্থাটোৰ দৃষ্টি গোচৰ হয় আৰু বিদ্যালয়ৰ খনৰ গৃহ নিৰ্মাণৰ দায়িত্ব লয়।
এই বছৰ লকডাউনৰ সময়তে স্বেচ্ছাসেৱী সংস্থাটোৱে দক্ষিণ টেঙাগুৰিত বিদ্যালয় গৃহ এটা নিৰ্মাণ কৰি তোলে আৰু সেই গৃহটো দেওবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সংস্থাটোৰ অধ্যক্ষ পি পি সিঙে।
ইপিনে, এই উপলক্ষে নৱ নিৰ্মিত বিদ্যালয় খনৰ চৌহদত এখন সভা অনুষ্ঠিত হয়। লাহৰীঘাট শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হোমেশ্বৰ কেওটৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সংস্থাটোৰ অধ্যক্ষ পি পি সিঙৰ লগতে বিয়ষববীয়া সকল, মৰিগাঁও জিলাৰ শিক্ষা বিষয়া কমলজ্যোতি গগৈ সহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
সভাখনত উপস্থিত থাকি অধ্যক্ষগৰাকীয়ে কয় যে আমি সকলো মানৱ জাতি, ইয়াত কোনো হিন্দু,, মুছলিম, শিখ ,জৈন কোনো ধৰ্ম নাই। কেৱল মানৱ জাতি গঢ়ি তোলাৰ বাবেই বিদ্যালয় খন নিৰ্মাণ কৰা হৈছে।
তেওঁ লগতে কয় যে এই বিদ্যালয় গৃহটো যদিহে চৰকাৰে নিৰ্মাণ কৰিলেহেঁতেন তেন্তে তিনি চাৰি বছৰ লগালেহেঁতেন। অৱশ্যে, এই ক্ষেত্ৰত অধ্যক্ষ গৰাকীয়ে মৰিগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত ঋতুৰাজ বৰা আৰু বৰ্তমানৰ জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈৰ লগতে অঞ্চলবাসীৰ শলাগ লয়।
আনহাতে, জিলা শিক্ষা বিষয়া গৰাকীয়েও মৰিগাঁও জিলা শিক্ষা বিভাগটোৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন বুলি কৈ স্বেচ্ছাসেৱী সংস্থাটোৰ লগতে অধ্যক্ষ গৰাকীক ভূয়সী প্ৰশংসা কৰে।
উল্লেখযোগ্য যে বানে উটুৱাই লৈ যোৱা বিদ্যালয়খন পুনৰ ন ৰূপেৰে সজাই ক’ণ ক’ণ ছাত্র-ছাত্ৰী সকলৰ মাজত জ্ঞানৰ পোহৰ বিলাবলৈ অহা স্বেচ্ছাসেৱী সংস্থাটোৱে নৈপৰীয়া অঞ্চলটোৰ ৰাইজক বিদ্যালয় গৃহটো শুভ উদ্বোধন কৰি উপহাৰ দিয়ে।
স্বেচ্ছাসেৱী সংগঠনটোৰ সময়োপযোগী আৰু প্ৰশংসনীয় পদক্ষেপে মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল লাহৰীঘাটৰ শৈক্ষিক জগতলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি। স্বেচ্ছাসেৱী সংস্থাটোৰ এনে মহানুভৱতাক সমগ্ৰ মৰিগাঁওবাসীয়ে প্ৰশংসা কৰিছে।
The post বানে উটুৱাই নিয়া বিদ্যালয় স্বেচ্ছাসেৱী সংস্থা ‘খালছা চেণ্টাৰ নৰ্থ ইষ্ট’য়ে নিৰ্মাণ কৰি দেখুৱালে মহানুভৱতা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3aLnJA1
via IFTTT
Comments
Post a Comment