শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ ২০ লাখ টকাৰ চেক
গুৱাহাটীঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে বীৰত্বেৰে যুঁজি শ্বহীদ হোৱা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) জোৱান, অসম সন্তান মৃত্যুঞ্জয় চুতীয়াৰ ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ গেলুৱা গাঁওস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে সমাধিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে বীৰ শ্বহীদগৰাকীৰ পৰিয়ালবৰ্গলৈ তেখেতে গভীৰ সমবেদনা জনাই অসম চৰকাৰৰ তৰফৰপৰা ২০ লাখ টকাৰ আৰ্থিক অনুদান চেকযোগে আগবঢ়ায়।
মৃত্যুঞ্জয়ৰ সপোন বাস্তৱায়িত কৰাৰ বাবে তেওঁৰ সমাধিক্ষেত্ৰৰ কাষতে এখন শিশু উদ্যান নিৰ্মাণ কৰি শ্বহীদগৰাকীৰ নামেৰে নামকৰণ কৰিবলৈ জিলা উপায়ুক্তক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
The post শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ ২০ লাখ টকাৰ চেক appeared first on News Live TV.
from News Live TV https://ift.tt/3pwk3Gx
via IFTTT
Comments
Post a Comment