আজি মণিপুৰৰ দুদিনীয়া ভ্ৰমণ সূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হ’ব ইম্ফলত…


ডিজিটেল সংবাদ, ৱাখাঃ এদিনীয়া অসম ভ্ৰমণৰ সফল সামৰণি পেলাই কিছু সময় পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰি বিশেষ বিমানৰে মণিপুৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । চাৰিদিনীয়া উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণলৈ অহা বিজেপিৰ ষ্ট্ৰঙমেন হিচাপে পৰিচিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ পৰা বিমানেৰে গৈ পুৱা ১০:৩০ বজাত ইম্ফলত উপস্থিত হব ।

ইয়াৰ পিছত তেওঁ কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙেৰ সৈতে সেনাপতি জিলাৰ মায়াংমাঙত এখন আই আই টিৰ আধাৰ শিলা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । গৃহমন্ত্ৰী অমিত শ্বাহে আজি ব্যস্ত মণিপুৰ ভ্ৰমণৰ কাৰ্যসূচীত চূড়াচান্দপুৰ মেডিকেল কলেজ ,ইম্ফলত ৰাজ্যিক আৰক্ষীৰ মুখ্য কাৰ্যালয় ভৱনৰ শিলান্যাস কৰিব ।

আজি তেওঁ মণিপুৰত কটাই কাইলৈ ৰাজধানী ইম্ফলত ছাঙলেন অতিথিশালা , আই টি ছেজ , আৰু আই চি চি কেন্দ্ৰ এটাৰ উদ্বোধন কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে লগতে বিষ্ণুপুৰ টুপুল থৌবাল কাছম ৰাষ্ট্ৰীয় ঘাইপথ উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব । উল্লেখযোগ্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ভ্ৰমণ চূড়ান্ত নগা চুক্তি প্ৰাকমূহৰ্ত হোৱাৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে । কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ কথা ।

The post আজি মণিপুৰৰ দুদিনীয়া ভ্ৰমণ সূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হ’ব ইম্ফলত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JnxaKP
via IFTTT

Comments