বিশিষ্ট লেখক-সমালোচক ডঃ গোৱিন্দ প্ৰসাদ শৰ্মালৈ প্ৰীতি বৰুৱা সাহিত্য বঁটা…

ডিজিটেল ডেস্কঃ বিশিষ্ট লেখক – সমালোচক ডঃ গোৱিন্দ প্ৰসাদ শৰ্মালৈ ২০১৯-২০ বৰ্ষৰ প্ৰীতি বৰুৱা সাহিত্য বঁটা আগবঢ়োৱা হৈছে। অসম লেখিকা সংস্থাৰ জন্ম লগ্নৰ পৰা এক সুদীৰ্ঘ কাল সংস্থাৰ নেতৃত্ব বহন কৰা সু-সাহিত্যিক প্ৰীতি বৰুৱাৰ স্মৃতিত লেখিকা সংস্থা আৰু প্ৰীতি বৰুৱা – প্ৰশান্ত কুমাৰ বৰুৱা সোঁৱৰণী সমিতিয়ে যুটীয়াভাবে ২০১৭ – ১৮ বৰ্ষৰ পৰা আগবঢ়াই অহা এই বঁটাত থাকিব এখনি প্ৰশস্তি-পত্ৰ , বাছকবণীয়া গ্ৰন্থৰ এটি টোপোলা আৰু নগদ ৫০ হাজাৰ টকা ।

যোৱা শতিকাৰ ষাঠিৰ দশকৰ পৰা ইং – মাৰ্কিন সমালোচনাৰ আলোকত অসমীয়া ভাষাৰ ন – পুৰণি সৃষ্টিৰাজিৰ মূল্যায়নৰ দিশত যিসকল সমালোচক ব্ৰতী হৈছিল সেইসকলৰ ভিতৰত ডঃ শৰ্মাও অন্যতম।আমাৰ ভাষাত নাৰীবাদী সমালোচনাত্মক লেখনীৰ ক্ষেত্ৰত ডঃ শৰ্মাক বাটকটীয়া আখ্যা দিব পাৰি।

সাহিত্য-সমালোচনাৰ উপৰিও গল্প, উপন্যাস, ভ্ৰমণ-কাহিনী আদি ৰচনা কৰিও ডঃ গোৱিন্দ প্ৰসাদ শৰ্মাই অসমীয়া সাহিত্যৰ সমৃদ্ধিৰ হকে নিৰৱচ্ছিন্ন ভাবে কাম কৰি আহিছে। নতুন বছৰৰ প্ৰথমৰ ফালেই আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষত পোন প্ৰথম বাৰৰ বাবে এই বঁটা বিশিষ্ট বুদ্ধিজীৱী ডঃ শিৱনাথ বৰ্মনলৈ আগবঢ়োৱা হৈছিল।

The post বিশিষ্ট লেখক-সমালোচক ডঃ গোৱিন্দ প্ৰসাদ শৰ্মালৈ প্ৰীতি বৰুৱা সাহিত্য বঁটা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WOO9so
via IFTTT

Comments