কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত তালিবান; উদ্বিগ্ন আমেৰিকাই সেনা পঠাব কাবুলিৱালাৰ দেশত

সেনা প্ৰত্যাহাৰৰ মাজতে নতুনকৈ আফগানিস্তানলৈ সেনা পঠোৱাৰ সিদ্ধান্ত লৈছে আমেৰিকাই। পিচে, তালিবানক ৰুধিবলৈ নহয়, আপগানিস্তানত কৰ্মৰত দেশখনৰ নাগৰিকসকলক সুৰক্ষিতভাৱে দেশলৈ ওভতাই অনাৰ বাবেহে।

বিডেন চৰকাৰৰ বৈদেশিক বিভাগৰ সূত্ৰ অনুসৰি, আমেৰিকাৰ নাগৰিকসকলৰ লগতে আমেৰিকাত ভিছাৰ আবেদন মঞ্জুৰ হোৱা বিদেশী নাগৰিকসকলেও এই সেনা-সুৰক্ষাৰ সুবিধা লাভ কৰিব।

বাতৰি অনুসৰি, কাবুল আন্তৰ্জাতিক বিমানবন্দৰ চোৱাচিতাৰ কামত লগোৱা হ’ব ৩হাজাৰ সেনা নতুন বাহিনীক।

ইয়াৰ মাজতে শুকুৰবাৰে ৰাজধানী কাবুলৰ মাত্ৰ ৫০ কিলোমিটাৰ দূৰত আহি অৱস্থান কৰিছে তালিবান বাহিনী।

পেন্টাগণৰ মুখপাত্ৰ জন কিৰবিয়ে শুকুৰবাৰে কয় যে আফগানিস্তানত বিভিন্ন দায়িত্বত থকা আমেৰিকান সংস্থা তথা ইয়াৰ সহযোগীসকলৰ নিৰাপত্তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আমেৰিকাৰ সংবাদমাধ্যমে দাবী কৰা মতে যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পুনৰ্গঠনত আমেৰিকাই যিমান ব্যয় কৰিছে তাৰ ৬০ শতাংশই কৰা হৈছে আফগান সেনাৰ বাবে। সেয়া মুঠ হিচাপ অনুসৰি ৮,৯০০কোটি ডলাৰ।

আমেৰিকাৰ সেনা প্ৰত্যাহাৰৰ পাছত তালিবানে যিধৰণে এখনৰ পাছত এখন প্ৰদেশ দখল কৰি গৈছে তাত কাবুলৰ পতন নিশ্চিত বুলিয়েই ধৰি লৈছে পেন্টাগনে।

সেয়ে, আমেৰিকাৰ এইবাৰ একমাত্ৰ লক্ষ্য হৈছে ক্ষিপ্ৰতাৰে অসামৰিক নাগৰিকসকলক দেশলৈ ওভতাই অনা।

The post কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত তালিবান; উদ্বিগ্ন আমেৰিকাই সেনা পঠাব কাবুলিৱালাৰ দেশত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3jXZO3p
via IFTTT

Comments