কিয় ভেকচিনৰ তৃতীয় ড’জ নিবলৈ ক’লে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ চেয়াৰমেন পুনাৱালিয়াই?
কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বিশেষজ্ঞসকলে ভেকচিনৰ বুষ্টাৰ ড’জ বা তৃতীয় ড’জ নিয়াৰ কথা কৈ অহাৰ মাজতে এইবাৰ ক’ভিশ্বিল্ডৰ প্ৰস্তুতকাৰক সংস্থা ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ চেয়াৰমেন ছাইৰাছ পুনাৱালিয়াই মুখ খুলিছে।
পুনাৱালিয়াই কয় যে ক’ভিশ্বিল্ড ভেকচিনৰ দুটা ড’জ লোৱাৰ মাজত উপযুক্ত ব্যৱধান দুমাহ হোৱা উচিত আৰু দ্বিতীয় ড’জ লোৱাৰ ছমাহ পাছত তৃতীয় ড’জ বা বুষ্টাৰ ড’জ নিব পৰা যায়।
শেহতীয়াকৈ মেডিকেল জাৰ্ণেল লেনছেটৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ক’ভিশ্বিল্ড লোৱাৰ কিছু সময়ৰ ভিতৰত এন্টিবডীৰ সংখ্যা কমি যায়।
ছাইৰাছ পুনাৱালিয়াই জানিবলৈ দিয়ে যে ক’ভিশ্বিল্ড ভেকচিন লোৱাৰ কিছু সময় পাছত এন্টিবডীৰ সংখ্যা কমিলেও ভেকচিন গ্ৰহণকাৰীৰ শৰীৰত ‘মেম’ৰি চেল’ থাকে।
পুনাৱালিয়াই কয়,’’ছমাহ পাছত এন্টিবডী কমি যায় আৰু তাৰ বাবেই মই তৃতীয় ড’জ লৈছো। ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ প্ৰায় ৭-৮হাজাৰ কৰ্মচাৰীক তৃতীয় ড’জ দিয়া হৈছে। যিসকলে কৰ’নাৰ দুটা ড’জ লৈছে তেওঁলোকক অনুৰোধ জনাওঁ যাতে ছমাহ পাছত ভেকচিনৰ বুষ্টাৰ ড’জ লৈ লয়।‘’
কেইবাখনো দেশে ইতিমধ্যে বুষ্টাৰ ড’জৰ অনুমতি দিয়াৰ কথা বিবেচনা কৰি আছে। কিন্তু সকলো দেশেই যাতে ভেকচিন সুবিধা পায় তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই বুষ্টাৰ ড’জ নোলোৱাৰ আহ্বান জনাইছিল।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম গেব্ৰিয়াছুছে ছেপ্টেম্বৰলৈকে বুষ্টাৰ ড’জ বন্ধ ৰখা উচিত বুলি কৈছিল।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীৰ বক্তৱ্য হ’ল যে প্ৰতিখন দেশৰ চৰকাৰেই তেওঁলোকৰ দেশৰ নাগৰিকসকলক লৈ উদ্বিগ্ন। কিন্তু বিশ্বত উৎপাদিত ভেকচিনৰ সিংহভাগ যিসমূহ দেশে লাভ কৰে তেওঁলোকেই আকৌ ভেকচিন ব্যৱহাৰ কৰাটো সমীচীন নহয়। কিয়নো বহুতো দেশে এতিয়া ভেকচিন পোৱা নাই আৰু তাৰ নাগৰিকসকল অসুৰক্ষিত হৈ আছে।
The post কিয় ভেকচিনৰ তৃতীয় ড’জ নিবলৈ ক’লে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ চেয়াৰমেন পুনাৱালিয়াই? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3CPPjHO
via IFTTT
Comments
Post a Comment