তালিবানী বৰ্বৰতাৰ ভয়ংকৰ ৰূপ! তিনিদিনত ২৭ টি শিশুক হত্যা আফগানিস্তানত
আফগানিস্তানত গৃহযুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। তালিবান বাহিনীয়ে কাবুল দখলৰ বাবে প্ৰচণ্ড যুদ্ধত অৱতীৰ্ণ হৈছে। আফগান সেনায়ো চলাইছে প্ৰত্যাক্ৰমণ।
এতিয়া দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হোৱাৰ দৰে ৰক্তক্ষয়ী এই সংঘৰ্ষত নিৰীহ জনসাধাৰণে প্ৰাণ দিবলগীয়া হৈছে।
ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিগত তিনিদিনত আফগানিস্তানত ২৭টি শিশুক হত্যা কৰা হৈছে। এই ঘটনাই দেশখনৰ পৰিস্থিতিৰ কিমান ভয়াবহ হৈ পৰিছে তাক দাঙি ধৰে।
প্ৰতিবেদন অনুসৰি, যুদ্ধবিধস্ত কান্দাহাৰ, খোস্ত আৰু পাকটীয়া প্ৰদেশত যোৱা তিনিদিনত ২৭টি শিশুৰ মৃত্যু হৈছে।
প্ৰধানকৈ ৰাস্তাৰ দাঁতিত পুতি ৰখা আইইডি বিস্ফোৰণ আৰু সংঘৰ্ষৰ মাজত দিশহাৰা হৈ এইদৰে প্ৰাণ হেৰুৱাইছে দেশখনৰ শিশুসকলে।
যোৱা মাহটোত সকলো মিলি যুদ্ধৰ ফলত কমেও এহাজাৰ নিৰীহ মানুহে প্ৰাণ হেৰুৱাইছে।
বাতৰি অনুসৰি, যোৱা কেইদিনমানত আফগানিস্তানৰ ব্যাপক অঞ্চল তালিবানে দখল কৰিছে। তালিবানে এতিয়ালৈ ছয়খন প্ৰদেশৰ ৰাজধানী দখল কৰাৰ দাবী কৰিছে।
উল্লেখ্য যে যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰৰ পাছতে পুনৰ নতুনকৈ তালিবান বাহিনীয়ে আফগান ভূমি দখলৰ কৰাৰ অভিযান আৰম্ভ কৰিছে।
The post তালিবানী বৰ্বৰতাৰ ভয়ংকৰ ৰূপ! তিনিদিনত ২৭ টি শিশুক হত্যা আফগানিস্তানত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3s4XmLU
via IFTTT
Comments
Post a Comment