বাক্সাৰ কুমাৰীকাটাত হাতী দাঁতসহ দুজনক আটক
বাক্সা জিলাৰ নাগ্ৰীজুলিৰ দৈমাবাৰীত এছএছবি আৰু বন বিভাগৰ লোকে অভিযান চলাই হাতীৰ দাঁতৰ এটি টুকুৰা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে।
বিশেষ খবৰৰ ভিত্তিত নাগ্ৰীজুলিৰ কাউলিৰ বিহংগপুৰস্থিত এছএছবিৰ ২৪ নং বেটেলিয়নে কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সহযোগত বুধবাৰে সন্ধিয়া দৈমাবাৰী গাঁওত অভিযান চলাইছিন।
এই অভিযানত এটি হাতীৰ দাঁতৰ টুকুৰা জব্দ কৰাৰ লগতে মধুৰাম মূৰ্মূ আৰু সুনীল মূৰ্মূ নামৰ দুই ভাতৃক আটক কৰে।
পিছত এছএছবিয়ে আটকাধীন দুই যুৱকক কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে।
কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত এছএছবিয়ে দুই যুৱক আৰু জব্দ কৰা হাতীৰ দাঁতৰ টুকুৰা চমজাই দিয়ে।
The post বাক্সাৰ কুমাৰীকাটাত হাতী দাঁতসহ দুজনক আটক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3lUiJ1s
via IFTTT
Comments
Post a Comment