মৰিজাঁজী দ গাঁও নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰিলে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে
টীয়কৰ মৰিজাঁজী দ গাঁৱৰ ১২৫ বছৰ গৰকা নামঘৰ সমগ্ৰ অঞ্চলটোৰ ভিতৰতে এক পুৰণি ঐতিহাসিক নামঘৰ। এই নামঘৰভাগ যোৱা বছৰ অক্টোবৰ মাহত গাঁৱৰ সমূহ ৰাইজে আলোচনামৰ্মে নৱ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সভাপতি দিলীপ শৰ্মা আৰু সম্পাদক সুব্ৰত শৰ্মাক লৈ এখন নিৰ্মাণ সমিতি গঠন কৰি এই দায়িত্ব অৰ্পণ কৰাৰ পাছত নামঘৰভাগ এক নতুন ৰূপত পুনৰ নিৰ্মাণ কৰা হয়।
সোমবাৰে শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে এক আধ্যাত্মিক পৰিবেশত ৰাইজৰ সহযোগত নামঘৰৰ মণিকূট উদ্বোধন কৰাৰ লগতে গুৰু আসন ভাগৰো প্ৰতিষ্ঠা কৰে।
উল্লেখযোগ্য যে ১২০ টা পৰিয়ালৰ লগতে কেইবাখনো গাঁৱৰ সামূহিক উপাসনাৰ স্থান এই নামঘৰত ৰাইজে সমূহীয়াভাবে সেৱা জনাই অনাগত দিনবোৰত সকলোৰে মাজত মিলা প্ৰীতিৰ লগতে বিশ্বৰ পৰা সকলো অপায় অমংগল দূৰ কৰিবলৈ প্ৰাৰ্থনা আগবঢ়ায়।
The post মৰিজাঁজী দ গাঁও নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰিলে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3fUSSBq
via IFTTT
Comments
Post a Comment