বোকাখাতৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ “কাজিৰঙা বঁটা ২০১৯ আৰু ২৯২০”ৰ ঘোষণা
বােকাখাতৰ অগ্ৰণী সংবাদ প্রতিষ্ঠান কাজিৰঙ নিউজ নেটৱর্কে প্ৰতি বছৰে প্ৰদান কৰি অহা ‘কাজিৰঙা বঁটা’ ২০১৯ আৰু ২০২০ বৰ্ষৰ বাবে ঘেষণা কৰিছে৷
কোভিড১৯ ৰ সংক্ৰমণৰ পটভুমিত ২০১৯ আৰু ২০২০ বর্ষত যথা সময়ত কাজিৰঙা বঁটা প্ৰদান কৰিব নোৱাৰাৰ বাবে দুয়ো বছৰৰ বঁটা একে লগে ঘোষণা কৰা বুলি সংবাদ প্ৰতিষ্ঠানটোয়ে জনাইছে৷
কাজিৰঙা নিউজ নেটৱৰ্কৰ তৰফৰ পৰা জনোৱা মতে সংবাদ প্ৰতিষ্ঠানটোয়ে গোলাঘাট জিলা ভিত্তিত প্ৰদান কৰি অহা বাণেশ্বৰ মহন্ত সোঁৱৰণি শ্রেষ্ঠ সাংবাদিক বঁটা ২০১৯ বৰ্ষৰ বাবে খুমটাইৰ প্রতিদিন টাইমৰ সাংবাদিক সাৰংগ তামুলীলৈ আৰু ২০২০ বৰ্ষৰ বাবে মৰঙিৰ অসমীয়া খবৰৰ সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিলৈ আগবঢ়োৱা হৈছে৷
একেদৰে অসম ভিত্তিত ধনিল বৰঠাকুৰ সোঁৱৰণি শ্রেষ্ঠ নবীন সাংস্কৃতিক কর্মী বঁটা ২০১৯ৰ বাবে গুৱাহাটীৰ নৃত্য শিল্পী মৃধুস্মিতা টুইংকলক আৰু ২০২০ বৰ্ষৰ বাবে ধেমাজিৰ মিচিং লােক শিল্পী প্রবীণ দলেক, সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত সাহিত্য বঁটা(৪০ বছৰ অনুর্ধ) ২০১৯ বৰ্ষৰ বাবে মৰঙিৰ পার্থৱ শইকীয়া, ২০২০ বৰ্ষৰ বাবে ধোদাংৰ প্লাবিতা বাঢ়ৈক প্ৰদান কৰা হ’ব।
আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলা ভিত্তিত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থীক প্ৰদান কৰা মহেন্দ্র নাথ শইকীয়া সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা ২০১৯ৰ বাবে ফৰকাটিং মহাহিদ্যালয়ৰ মণিকা বৰাক আৰু ২০২০ বৰ্ষৰ বাবে গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ অন্বেষা কাশ্যপলৈ আগবঢ়োৱা হৈছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলা ভিত্তিত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থীক প্ৰদান কৰা ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণি শ্রেষ্ঠ শৈক্ষিক বঁটা ২০১৯ বৰ্ষৰ বাবে গােলাঘাট জাতীয় বিদ্যালয়ৰ উপাসনা মুদৈ আৰু ২০২০ বৰ্ষৰ বাবে গোলাঘাটৰ চিক্রেট হার্ট হাইস্কুলৰ হৰিদ্ৰা বৰাক প্ৰদান কৰা হ’ব৷
অহা ১৬ ডিচেম্বৰত কাজিৰঙা নিউজ নেটৱৰ্কৰ অষ্টাদশ বার্ষিক প্রতিষ্ঠা দিৱসত কাজিৰঙা বঁটা ২০১৯-২০ প্ৰদান কৰা হ’ব বুলি কাজিৰঙা নিউজ নেটৱৰ্কৰ তৰফৰ পৰা জনাইছে৷
The post বোকাখাতৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ “কাজিৰঙা বঁটা ২০১৯ আৰু ২৯২০”ৰ ঘোষণা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2JebAZb
via IFTTT
Comments
Post a Comment