পুৰণিগুদামত চোৰৰ উপদ্ৰৱ : এক চোৰে নিলে আ-অলংকাৰসহ নগদ ধন, আনক একে ছাগলী নি পৰিল ফান্দত
অনুষ্টুপীয়াকৈ হ’লেও চাৰিওফালে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ আনন্দ-উল্লাসৰ মাজতে চোৰৰ সন্ত্ৰাসে টোপনি হৰিছে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ।
সোমাবাৰে নগাঁও জিলাৰ পুৰণিগুদামৰ ম’হপাৰা গাঁৱত ফুটগধূলিতে সংঘটিত এক চুৰিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।
চন্দন ফুকন নামৰ এজন লোকৰ ঘৰত কোনো নথকাৰ সুযোগলৈ সন্মুখৰ দুৱাৰ ভাঙি সন্তৰ্পণে ঘৰখনত প্ৰৱেশ কৰি চোৰে লুটি নিলে তিনি লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰসহ নগদ ধন।
বিশেষ কাৰণত নগাঁৱলৈ যোৱা চন্দন ফুকনৰ পৰিয়ালটো উভতি অহাৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ চুৰিকাণ্ডটো। ভুক্তভোগী যুৱকজনৰ ঘৰত পুৰণিগুদাম আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰে প্ৰাৰম্ভিক অনুসন্ধান।
উল্লেখ্য যে, চন্দন ফুকন হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ বৰ্তমানৰ সভাপতি।
ইফালে সোমাবাৰে দিন দুপৰতে পুৰণিগুদাম নিকটৱৰ্তী খাটোৱাল আৰক্ষী থানাৰ এলেকাধীন শলিয়াভেটিত স্থানীয় ৰাইজে এক ছাগলী চোৰক টেম্পুসহ হাতে-লোটে ধৰিবলৈ সক্ষম হয়৷
বিয়লি তিনিটা চোৰে যাত্ৰী কঢ়িওৱা এখন টেম্পুৰে আহি পথৰ কাষত এৰাল দি থোৱাৰ অৱস্থাৰ পৰা দুটা ছাগলী টেম্পুত ভৰাই উধাও হোৱা প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে ছাগলীসহ টেম্পুখন ধৰিবলৈ সক্ষম হয় যদিও দুটা চোৰে সুযোগ বুজি ঘটনাস্থলিৰ পৰা পলায়ন কৰে।
চুৰি কাণ্ডটোত ব্যৱহৃত এএচ-০২ই-৪০৬৬ নম্বৰৰ টেম্পুখনৰ সৈতে ধৃত চোৰ আৰু ছাগলী দুটা সন্ধিয়া ৰাইজে গটাই দিয়ে খাটোৱাল আৰক্ষীক।
চোৰৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱাৰ বাবে বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হোৱা বৃহত্তৰ পুৰণিগুদাম আৰু খাটোৱাল অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজক সুৰক্ষা প্ৰদান কৰিব পৰাকৈ আৰক্ষীয়ে কেনে ধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় পৰৱৰ্তী সময়ত অতিশয় লক্ষণীয় হ’ব।
The post পুৰণিগুদামত চোৰৰ উপদ্ৰৱ : এক চোৰে নিলে আ-অলংকাৰসহ নগদ ধন, আনক একে ছাগলী নি পৰিল ফান্দত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3ly6y6Z
via IFTTT
Comments
Post a Comment