‘কেৱল ধৰ্মৰে নহয়, বিয়াৰ পূৰ্বে উপাৰ্জনৰ প্ৰমাণ পত্ৰও দিব লাগিব দৰা-কইনাই’, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দেশৰ বিজেপি শাসিত ইখন ৰাজ্যৰ পিছত সিখন ৰাজ্যই লাভ-জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰিবলৈ সাজু হোৱাৰ সময়তে অসম চৰকাৰেও এইবাৰ এই ক্ষেত্ৰত টঙালি বান্ধিছে।
অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ শৰ্মাই ইতিমধ্যে এটা ব্যক্তিগত ৰাষ্ট্ৰী টিভি চেনেলত দিয়া সাক্ষাৎকাৰত কয় যে ২০২১ চনত বিজেপিয়ে অসমত শাসনলৈ আহিলে অসমতো লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হ’ব।
ইয়াৰ পিছতে বিষয়টোৱে অসমত বিশেষভাৱে চৰ্চা লাভ কৰি পৰিলক্ষিত হৈছে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমতো লাভ জেহাদক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰি আইন প্ৰণয়ন কৰা হ’ব বুলি মন্তব্য কৰাৰ লগতে আৰু কয় যে বিয়াৰ এমাহৰ পূৰ্বে দৰ-কইনা দুয়োজনেই ধৰ্মীয় প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।
‘ভগ্নীসকলক শক্তিশালী’ কৰাৰ বাবে অসম চৰকাৰে উদ্যোগ লোৱা বুলি দোহাৰি মন্ত্ৰী শৰ্মাৰ মতে আনকি বিয়াৰ এমাহৰ পূৰ্বে দৰা-কইনা দুয়োৱে আয়ৰ উৎসৰ প্ৰমাণ দাখিল কৰিব লাগিব।
“অসমৰ আইনখন কেৱল লাভ জেহাদৰ বিৰুদ্ধে নহ’ব। সকলো ধৰ্মকে অন্তভুৰ্ক্ত কৰা হ’ব আৰু স্বচ্ছতাৰে আমি আমাৰ ভগ্নীসকলক শক্তিশালী কৰিবলৈ অকল ধৰ্মৰে নহয়, উপাৰ্জনৰ উৎসও জানিব পাৰিব লাগিব” বুলি উল্লেখ মন্ত্ৰী শৰ্মাই লগতে কয় যে পৰিয়ালৰ সৱিশেষ তথ্য, শিক্ষাগত তথ্য আদি সকলোবোৰ প্ৰমাণ পত্ৰ জনাব দিব লাগিব।
“বহুবাৰ আমি দেখিছো ছোৱালীজনীয়ে পিছত গম পায় যে তেওঁৰ স্বামীৰ অবৈধ ব্যৱসায় আছে।” মন্ত্ৰী শৰ্মাই লগতে কয়।
মন্ত্ৰী শৰ্মাৰ মতে প্ৰস্তাৱিত আইনখনত দৰাৰ লগতে কইনাৰো উপাৰ্জনৰ উৎস দাখিল কৰাৰ বিষয়ে উল্লেখ থাকিব। দুয়োৰে স্থায়ী ঠিকনা, পেচা আৰু ধৰ্ম এই সকলোবোৰ চৰকাৰী তথ্য তথা প্ৰমাণ পত্ৰ দাখিলৰ বাবে নিৰ্দেশনা থাকিব।
“আমাৰ আইনখনে নাৰীক শক্তিশালী কৰিব। ইয়াত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ আইনৰ কিছুমান উপাদান থাকিব।” মন্ত্ৰী শৰ্মাই আৰু কয়।
The post ‘কেৱল ধৰ্মৰে নহয়, বিয়াৰ পূৰ্বে উপাৰ্জনৰ প্ৰমাণ পত্ৰও দিব লাগিব দৰা-কইনাই’, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3qhM2L5
via IFTTT
Comments
Post a Comment