বটদ্ৰৱাৰ ন-মাটি গাঁৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে ৰাস উৎসৱ…

ডিজিটেল সংবাদ, বটদ্ৰৱা : দেওবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে ৰাস উৎসৱ। কোভিড-১৯ প্ৰটকল ৰক্ষা কৰি ৰাজ্যৰ সত্ৰ, নামঘৰ আদি মুখৰিত হৈছে কৃষ্ণ বন্দনা। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী ন-মাটি গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰি আহিছে ৰাস উৎসৱ।
নগাঁও জিলাৰ পশ্চিমাঞ্চল অৱস্থিত এই ন-মাটি গাঁৱত বিগত ৪৯ বছৰ ধৰি ৰাইজে আড়ম্বৰপূৰ্ণভাবে, ভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰি আহিছে ৰাস উৎসৱ। এইবেলিও পৰা গাঁৱৰ যুৱক যুৱতী সকলৰ উদ্যোগত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে ৰাস উৎসৱ। সোমবাৰে নিশা অঞ্চলৰ যুৱতী-বোৱাৰী সকলৰ অভিনয়ৰে অনুষ্ঠিত কৰে কেলিগোপাল নাট ।
The post বটদ্ৰৱাৰ ন-মাটি গাঁৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে ৰাস উৎসৱ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qhHpRd
via IFTTT
Comments
Post a Comment