কোৰোনাৰ প্ৰভাৱ : চাপানালা কুণ্ডৰ বনভোজীস্থলীত নিমাওমাও পৰিৱেশ…

ডিজিটেল সংবাদ,চামগুৰি : এইবাৰ ক’ৰোণাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ৰাজ্যত নাই বনভোজৰ আনন্দ,ম্লান হৈছে বনভোজৰ আনন্দ। পহিলা ডিচেম্বৰৰ দিনটোত পূৰ্বৰ বছৰ সমূহত সমগ্ৰ ৰাজ্যৰ বনভোজীস্থলীসমূহৰ দৰে নগাঁৱৰ চাপানালাৰ চম্পাবতী কুণ্ড তথা জলপ্ৰপাতো ভৰি পৰিছিল দেশী-বিদেশী পৰ্যটকে,চাপানালাৰ ঐতিহাসিক এই বনভোজীস্থলীত সমাগম হৈছিল অসংখ্য বনভোজ দলৰ ।
কিন্তু এইবাৰ নাই সেই পৰিৱেশ ।মহামাৰী কোৰোণা ভাইৰাচৰ ভয়াৱহতাৰ বাবে বনভোজীস্থলীলৈ অহা নাই বনভোজৰ দল ।যাৰ বাবে এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ চাপানালাৰ চম্পাবতী কুণ্ড তথা জলপ্ৰপাতত।
আনহাতে নৱবৰ্ষত চম্পাবতী কুণ্ড পৰিচালনা সমিতিয়ে বনভোজদলক আদৰিবলৈ বনভোজীস্থলী খন পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে সজাই-পৰাই তুলিছে যদিও বৰ্তমানেও এই স্থানলৈ বনভোজ দল আহিবনে নাহে সেয়া অনিশ্চয়তাৰ মাজত ।আনহাতে চৰকাৰ-তথা প্ৰশাসনে এই বনভোজীস্থলী সমূহক লৈ কোভিড১৯ৰ বাবে কি কি নীতি-নিৰ্দেশনা জাৰি কৰে সেয়াহে লক্ষ্যণীয় হব।
The post কোৰোনাৰ প্ৰভাৱ : চাপানালা কুণ্ডৰ বনভোজীস্থলীত নিমাওমাও পৰিৱেশ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VkbRfB
via IFTTT
Comments
Post a Comment