তিৱা পৰিষদৰ নিৰ্বাচনত ৰাইজে বিজয়ী কৰিব কংগ্ৰেছ দলক : অচ্যুত গাঁওখোৱা
তিৱা জনগোষ্ঠীয় নেতা জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মানত কৰা দুৰ্নীতি, কেলেংকাৰিৰ উপৰি তিৱা স্বায়ত্ত পৰিষদৰ পূৰ্বৰ আভ্যন্তৰীণ বেমেজালিৰ পোতক ল’ব ২০ নং বাৰপুজীয়া সংসদীয় সমষ্টিৰ সাধাৰণ ভোটাৰে।
শাসকীয় দলটোৰ নেতৃত্বতে ধ্বংসস্তুপত পৰিণত কৰিছিল ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ অৰ্থে গঠন কৰা তিৱা স্বায়ত্ত পৰিষদ।
এই ধংসাত্নক কাৰ্যৰ প্ৰধান সেনাপতি হ’ল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা।
এইদৰে ‘নৰ্থ-ইষ্ট নাও’ৰ আগত অভিযোগ কৰি শাসকীয় গেৰুৱা বাহিনীৰ বিৰুদ্ধে সৰৱ হৈ মুকলি হুংকাৰ দিয়ে তিৱা পৰিষদীয় ২০নং সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অচ্যুত গাঁওখোৱাই।
নিজৰ প্ৰথম ৰাজনৈতিক যাত্ৰাত পৰিষদখনৰ যোগে তিৱা জনগোষ্ঠীৰ লগতে পৰিষদৰ অন্তৰ্ভুক্ত অ-তিৱা ভোটাৰ সকলৰ সম বিকাশ সম উন্নয়নৰ বাবে গঠন হোৱা পৰিষদখনত তথাকথিত এচাম নেতাৰ স্বৈৰাচ্ছাৰী নীতিয়ে অসাৰ কৰি তুলিছিল পৰিষদখন।
কোটি কোটি টকা আত্মসাৎ কৰি সাধাৰণ ভোটাৰক আভূৱা ভৰা বুলিও ক্ষুৰধাৰ সমালোচনাৰে কৰে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে।
সেয়ে ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰিষদৰ নিৰ্বাচনত শাসকীয় দলটোক উৎখাত কৰি কংগ্ৰেছ দলক সমষ্টিৰ ৰাইজে বিজয়ী কৰিব বুলি দৃঢ়তাৰে মত পোষণ কৰে প্ৰাৰ্থীজনে।
আনহাতে, ৮১১৩ টা ভোট থকা সমষ্টিটোৰ ভোটাৰে সংকল্প লৈছে বুলিও গুৰুত্বপূ্ৰ্ণ মন্তব্য আগবঢ়ায়।
উল্লেখ্য যে সমষ্টিটো দখল কৰিবলৈ শাসক বিৰোধীৰ লগতে অগপ আৰু আম আদমী পাৰ্টিয়ে প্ৰাৰ্থী নিক্ষেপ কৰিছে যদিও মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ’ব বুলি সমষ্টিৰ ৰাজনৈতিক বিশেষজ্ঞ মহলত চৰ্চিত হৈছে।
The post তিৱা পৰিষদৰ নিৰ্বাচনত ৰাইজে বিজয়ী কৰিব কংগ্ৰেছ দলক : অচ্যুত গাঁওখোৱা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/36qRYd4
via IFTTT
Comments
Post a Comment