আজিৰে পৰা সলনি হ’ব এইবোৰ নিয়ম; চাওক আপোনাৰ জীৱনত কেনেদৰে পৰিব প্ৰভাৱ
আজিৰে পৰা অৰ্থাৎ ১ডিচেম্বৰৰ পৰা সাধাৰণ নাগৰিকৰ জীৱনৰ সৈতে জড়িত বহুকেইটা নিয়মৰ সলনি হৈছে। আজিৰে পৰা ৰন্ধন গেছৰ ছিলিণ্ডাৰ, ৰে’লৱে আৰু বেংকৰ লেনদেনৰ সৈতে জড়িত নিয়মৰ সলনি হৈছে।
১) ডিচেম্বৰ মাহৰ পৰাই বেংকৰ ধনৰ লেনদেনৰ সৈতে জড়িত নিয়ম সলনি হ’ব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ২৪ঘন্টাৰ বাবে আৰটিজিএছ(RTGS)ৰ সুবিধা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।
এতিয়া এই সুবিধা মাহটোৰ দ্বিতীয়টো আৰু চতুৰ্থটো শনিবাৰক বাদ দি সপ্তাহটোৰ বাকী সকলো কৰ্মদিনত পুৱা ৭বজাৰ পৰা সন্ধিয়া ৬বজালৈকে উপলব্ধ হ’ব।
ডিচেম্বৰৰ পৰা গ্ৰাহকে ২৪ঘন্টাই আৰটিজিএছৰ জৰিয়তে ধন ট্ৰেন্সফাৰ কৰিব পাৰিব।
২) প্ৰতিমাহৰ প্ৰথম দিনটোত চৰকাৰে ৰন্ধন গেছৰ দাম সলনি কৰে। অৰ্থাৎ ১ডিচেম্বৰৰ পৰা সমগ্ৰ দেশতে ৰন্ধন গেছৰ দাম সলনি হৈছে। আজিৰে পৰা ১৯ কিলোগ্ৰাম বাণিজ্যিক ছিলিণ্ডাৰৰ প্ৰতিটোত ৫৬টকা বৃদ্ধি পাইছে।
৩) বীমাধাৰীসকলে ৫বছৰৰ পাছত প্ৰিমিয়ামৰ ধন ৫০শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰে। অৰ্থাৎ আধা কিস্তিৰে সৈতেও পলিচি চলাই থাকিব পাৰিব।
৪) ভাৰতীয় ৰে’লৱেই ১ ডিচেম্বৰৰ পৰা কেইবাখনো নতুন ৰে’ল চলাইছে। কৰ’না সংকটৰ পাছত ৰে’লৱেই একেৰাহে কেইবাখনো নতুন বিশেষ ৰে’ল চলাই আছে। এতিয়া ১ ডিচেম্বৰৰ পৰাও কেইবাখনো ৰে’ল চলাচল কৰিব।
The post আজিৰে পৰা সলনি হ’ব এইবোৰ নিয়ম; চাওক আপোনাৰ জীৱনত কেনেদৰে পৰিব প্ৰভাৱ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Vp8XWA
via IFTTT
Comments
Post a Comment