মঙলবাৰে শুভৰাম্ভ কৰা হ’ব অৰুণোদয় আঁচনি…

ডিজিটেল ডেস্ক : মহিলা সৱলীকৰণেৰে পৰিয়াল তথা অসমৰ সৱলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰৰ অৰুণোদয় আচনি মঙলবাৰে আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰিব । মঙলবাৰে দিনৰ ১১ বজাত কামৰূপ জিলাৰ নুমলী জালাহ পেৰেড গ্ৰাউণ্ডত এই আচনি শুভৰাম্ভ কৰা হ’ব । এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
অৰুনোদয় আছনিৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক ভাবে পিছপৰা পৰিয়াল সমূহলৈ দৈনন্দিন সুষম আহাৰ আৰু ঔষধ ক্ৰয় কৰিবলৈ প্ৰতিমাহে ৮৩০ টকাকৈ প্ৰদান কৰা হ’ব । এই আছনিৰ বাবে অসম চৰকাৰৰ বাজেটৰ পৰিমান ২৮০০ কোটি টকা । এই আচনি খনে ১৮.২০ লাখ পৰিয়ালে লাভ কৰিব ।
The post মঙলবাৰে শুভৰাম্ভ কৰা হ’ব অৰুণোদয় আঁচনি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37l2Lol
via IFTTT
Comments
Post a Comment