সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ সম্পৰ্কত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিলে UNESCOই
য়ুনেস্কো (UNESCO)ৰ সঞ্চালক প্ৰধান আড্ৰে এজাউলে অসমৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুকেন্দ্ৰিক পৰিস্থিতি সন্দৰ্ভত ভাৰতীয় কৰ্তৃপক্ষক স্পষ্ট কৰিবলৈ আহ্বান জনাইছে।
যোৱা ১১নৱেম্বৰত তিনিচুকীয়া জিলাৰ কাকপথাৰত এখন গাড়ীয়ে খুন্দিয়াই গুৰুতৰভাৱে আহত ভূঞাৰ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতলত মৃত্যু ঘটিছিল।
এই ঘটনাৰ পাছত আৰক্ষীয়ে সাংবাদিকগৰাকীক খুন্দিওৱা গাড়ীখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছিল।
পৰাগ ভূঞাই প্ৰতিদিন টাইম গোষ্ঠীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল আৰু দুৰ্নীতি তথা অপৰাধমূলক বিষয়সমূহ উদঙাই দি বাতৰি পৰিৱেশন কৰিছিল।
তেওঁ ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদ(এজেপি)ৰ মুখ্য আহ্বায়নক জগদীশ ভূঞাৰ কনিষ্ঠ ভাতৃ আছিল।
য়ুনেস্ক’ই ৰাষ্ট্ৰসংঘৰ সাংবাদিকৰ সুৰক্ষা তথা সুবিচাৰ সম্পৰ্কীয় আঁচনিৰ আধাৰত আন্তৰ্জাতিক সজাগতা বৃদ্ধি, দক্ষতা বৃদ্ধি তথা উপযুক্ত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সাংবাদিকৰ সুৰক্ষাৰ দিশত কাম কৰি আহিছে।
‘’পৰাগ ভূঞাৰ মৃত্যুত মই গভীৰভাৱে শোক প্ৰকাশ কৰিছো। মই বিশ্বাস কৰো যে ভাৰতীয় কৰ্তৃপক্ষই পৰাগ ভূঞাৰ মৃত্যুৰ বিষয়টোত গুৰুত্ব দি সঠিক তদন্ত নিশ্চিত কৰিব। সাংবাদিকসকলক তেওঁলোকৰ কামকাজত বৃত্তিগত সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টাত লুকঢাক নকৰাকৈ কোনো সুৰুঙা ৰখা উচিত নহয়,’’- UNESCOৰ সঞ্চালক প্ৰধান আড্ৰে এজাউলে কয়।
ৰহস্যজনক পৰিস্থিতিত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু ঘটাৰ পাছত ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন তথা সাংবাদিক সংগঠনসমূহে এই ঘটনাৰ উপযুক্ত তদন্ত দাবী কৰি আহিছে।
The post সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ সম্পৰ্কত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিলে UNESCOই appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3ql4xOL
via IFTTT
Comments
Post a Comment