বাছ আৰু অট’ ৰিক্সাৰ মাজত ভয়ংকৰ দুৰ্ঘটনা, নিহত কমেও ২৫ জন, আহত ৩২

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাছিকত মঙলবাৰে নিশা এখন যাত্ৰীবাহী বাছ আৰু অট’ ৰিক্সাৰ মাজত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাটোত কমেও ৩২ জন লোক আহত হোৱা বুলি জানিব পৰা হৈছে। জানিব পৰা মতে, দুয়োখন বাহনে সন্মুখৰ দিশৰ পৰা প্ৰচণ্ড খুন্দা মৰাৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন পথৰ সমীপৰ এটা কুৱাত বাগৰি পৰে। যাৰ ফলত দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি পায়। নাছিকৰ মালেগাঁও-দেওলা পথৰ মেছী ফাটাত সংঘটিত এই দুৰ্ঘটনাৰ পিছত বুধবাৰে পুৱাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

স্থানীয় লোক আৰু আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অত্যাধিক গতিৰ বাবেই বাছখনে অট’ ৰিক্সা খনত খুন্দা মাৰে। যাৰ ফলত বাছখনে বহু নিলগলৈ অট’ ৰিক্সাখন চোঁচৰাই নিয়ে আৰু শেষত দুয়োখন বাহন পথৰ দাঁতিৰ এটা কুৱাৰ ভিতৰত সোমাই পৰে। নিহত সকলৰ ভিতৰত অধিক সংখ্যকেই বাছখনৰ যাত্ৰী বুলি জনাইছে আৰক্ষীয়ে। আনহাতে এই দুৰ্ঘটনাৰ বাবে বাছ চালককে দোষী বুলি ক’ব খোজে স্থানীয় লোকে।

ইফালে দুৰ্ঘটনাৰ পিছত শোক ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিহতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা কৰা এটা টুইটত লিখিছে- ‘মহাৰাষ্ট্ৰৰ নাছিক জিলাত সংঘটিত দুৰ্ঘটনা দুৰ্ভাগ্যজনক। দুখৰ এই সময়ত শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জনাইছো। আহত সকলক শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছো।’

The post বাছ আৰু অট’ ৰিক্সাৰ মাজত ভয়ংকৰ দুৰ্ঘটনা, নিহত কমেও ২৫ জন, আহত ৩২ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OnmwDd
via IFTTT

Comments