জ্ঞান আৰু বিদ্যাৰ দেৱী সৰস্বতী পূজা, বুধবাৰৰ পুৱাৰ ভাগতো ব্যস্ত মৃৎ শিল্পী সকল

ডিজিটেল সংবাদ, চামগুৰিঃ জ্ঞান আৰু বিদ্যাৰ দেৱী আই সৰস্বতীৰ পূজাক কেন্দ্ৰ কৰি ব্যাপক ব্যস্ততা দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা মৃৎ-শিল্পী সকলৰ মাজত। ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানত বুধবাৰৰ পুৱাৰে পৰা বাগদেৱীৰ পূজা উলহ-মালহৰ মাজেৰে অনুষ্ঠিত কৰাৰ বিপৰীতে নগাঁও জিলাৰ চামগুৰিৰ একাংশ শিক্ষানুষ্ঠানত বাগদেৱীৰ পূজা বৈদিক ৰীতি-নীতিৰে অহা কালিলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ দিনটোত সমাপন কৰিবলৈ উৎকণ্ঠিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল।

সমান্তৰাল ভাবে বুধবাৰৰ দিনটোতো সমূহ মৃৎশিল্পী অধিক ব্যস্ত হৈ পৰিছে চামগুৰিৰ গটঙাত থকা পুৰণি তিনিখনকৈ মুৰ্ত্তিকাৰৰ প্ৰতিষ্ঠানত। আই সৰস্বতীৰ মৃন্ময় মূৰ্ত্তি সমূহত অন্তিম পৰশ দিয়াত ব্যস্ত সকলো মৃৎশিল্পী। কাৰণ বুধবাৰৰ নিশাৰ ভিতৰত সকলোবোৰ মূৰ্ত্তি সম্পূৰ্ণ কৰি তুলি দিব লাগিব বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ গ্ৰাহকৰ হাতত।

ইফালে গটঙাৰ মৃৎশিল্পী সকলে জানিবলৈ দিয়া মতে, বিগত বছৰ সমূহৰ তুলনাত এই বছৰ ‘কা’ বিৰোধী আন্দোলনে সীমিত কৰিছে ৰাইজৰ উৎসৱ উদযাপনৰ প্ৰৱণতা, যাৰ বাবে বহু কম সংখ্যক সৰস্বতী মূৰ্ত্তিহে এই বছৰ নিৰ্মাণ কৰিছে প্ৰতিষ্ঠান কেইখনত। উল্লেখযোগ্য যে, গটঙাত থকা এই মূৰ্ত্তিকাৰৰ প্ৰতিষ্ঠান কেইখনে বিগত প্ৰায় চাৰি দশক ধৰি বিভিন্ন দেৱ-দেৱীৰ মূৰ্ত্তি নিৰ্মাণ কৰি মধ্য অসমৰ ভিতৰতে সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰথমবাৰৰ বাবে এই বছৰৰ দুটাকৈ দিনত সকলোৰে চিৰ প্ৰত্যাশিত আই সৰস্বতীৰ পূজা উদযাপন কৰিবলৈ পাই আন এক সুকীয়া অভিজ্ঞতাৰ সাক্ষী হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী সকল।

The post জ্ঞান আৰু বিদ্যাৰ দেৱী সৰস্বতী পূজা, বুধবাৰৰ পুৱাৰ ভাগতো ব্যস্ত মৃৎ শিল্পী সকল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2O6XdoE
via IFTTT
Comments
Post a Comment