ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙৰ আবেদন খাৰিজ ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ক্ষমাৰ আবেদন খাৰিজ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী মুকেশ সিঙৰ আবেদন বুধবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ বানুমতি, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।

উল্লেখ্য যে, ২০১২ চনত সংঘটিত নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকক মৃত্যুৰ শাস্তি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ৰ ৰায়ৰ পিছত দোষী মুকেশ সিঙে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ওচৰত ক্ষমাৰ আবেদন দাখিল কৰে যদিও ৰাষ্ট্ৰপতিয়ে সেই আবেদন খাৰিজ কৰে। তাৰ পিছতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে দোষী মুকেশ সিঙৰ অধিবক্তাই।

মঙলবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ে বুধবাৰলৈ ৰায় সংৰক্ষণ কৰি ৰাখিছিল। অহা ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী প্ৰদান কৰা হ’ব নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকক।

The post ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙৰ আবেদন খাৰিজ ন্যায়ালয়ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2O3T58Q
via IFTTT

Comments