ছাৰ্জিল ইমামক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ…

ডিজিটেল ডেস্কঃ দিল্লীৰ শ্বাহীনবাগৰ প্ৰতিবাদস্থলীত ভাৰতৰ পৰা উত্তৰ-পূব তথা অসমক বিচ্ছিন্ন কৰি দিয়াৰ হুংকাৰ দিয়া ছাৰ্জিল ইমামক আদালতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। দিল্লী ক্ৰাইম বাঞ্চে সোধ-পোছ অব্যাহত ৰখা ইমামৰ মোবাইল ফোনটো বৰ্তমানৰ লৈকে জব্দ কৰিব পৰা নাই আৰক্ষীয়ে। উল্লেখ্য যে, যোৱা ২৮ জানুৱাৰীত বিহাৰত আত্মগোপন কৰি থকা ইমামক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষী আৰু ক্ৰাইম বাঞ্চে।
The post ছাৰ্জিল ইমামক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36FMeZC
via IFTTT
Comments
Post a Comment