শুকুৰবাৰৰ পৰা ৩ দিনৰ বাবে বন্ধ বেংক…

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা ৩ দিনৰ বাবে অচল হৈ পৰিব বেংক সেৱা। ২ দিনৰ বাবে বেংক এম্প্লয়িজ ইউনিয়নে পালন কৰিব ৰাষ্ট্ৰজোৰা বেংক ধৰ্মঘট। ঠিক তেনেদৰে ২ ফেব্ৰুৱাৰীত দেওবাৰে হোৱাৰ বাবে বেংক বন্ধ থাকিব। ভাৰতীয় বেংক এছ’চিয়েশ্যনৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ পিছতে এই ধৰ্মঘটৰ সিদ্ধান্ত লয় ইউনিয়নে। উল্লেখ্য যে, ৮ জানুৱাৰীতো বেংক এম্প্লয়িজ ইউনিয়নে পালন কৰিছিল ধৰ্মঘট কাৰ্যসূচী।

এই ধৰ্মঘটৰ সময়চোৱাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব পাৰে সাধাৰণ ৰাইজ। ইফালে ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয় বাৰৰ বাবে দাখিল কৰিব বাজেট। ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নৰ সৈতে বৈঠকত বহি ভাৰতীয় বেংক এছ’চিয়েশ্যনে কোনো সুফল নোপোৱাৰ পিছতে ধৰ্মঘটৰ সিদ্ধান্ত লোৱা হৈছিল।

The post শুকুৰবাৰৰ পৰা ৩ দিনৰ বাবে বন্ধ বেংক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ofgggt
via IFTTT

Comments