স্মাৰ্টফোনৰ বজাৰত আমেৰিকাক চেৰ পেলালে ভাৰতে…

ডিজিটেল ডেস্কঃ এতিয়া সকলোৰে হাতে হাতে স্মাৰ্টফোন। আমাৰ ভাৰতবৰ্ষতে প্ৰায় সংখ্যক লোকৰ হাততে দেখা যায় স্মাৰ্টফোন। যোৱা ২০১৯ বৰ্ষতো ভাৰতীয় স্মাৰ্টফোন বজাৰৰ বাবে এক অন্যতম সফল বছৰ বুলি কব পাৰি। বিশ্বৰ আগশাৰী সংস্থা কাউন্টাৰ পইন্ট ৰিচাৰ্জৰ এক সমীক্ষা অনুসৰি যোৱা ২০১৯ বৰ্ষত ভাৰতীয় স্মাৰ্টফোনৰ বজাৰে ১৫.৮ কোটি স্মাৰ্টফোন যোগানেৰে প্ৰথমবাৰলৈ আমেৰিকাক চেৰ পেলাই বিশ্বৰ দ্বিতীয় বৃহৎ বজাৰ হিচাপে পৰিগণিত হৈছে। ইপিনে ভাৰতৰ স্মাৰ্টফোনৰ বজাৰত প্ৰথমবাৰলৈ দ্বিতীয় স্থান লাভ কৰিছে চীনৰ প্ৰতিষ্ঠান ভি’ভয়ে। প্ৰতিষ্ঠানটোৱে ২১ শতাংশ অংশীদাৰিত্বৰে এই সফলতা অৰ্জন কৰিছে।

The post স্মাৰ্টফোনৰ বজাৰত আমেৰিকাক চেৰ পেলালে ভাৰতে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30YvKL7
via IFTTT

Comments